NORTHEAST NOW (Assamese)
অসম

অসমৰ সকলো শিক্ষকলৈ অনলাইন সেৱাৰ নতুন সুবিধা ঘোষণা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যৰ

Posted by: এন ই নাও নিউজ September 5, 2018 8:52 pm
CM confers State Awards to teachers

শিক্ষা মন্ত্ৰীৰ আশ্বাস যদি পূৰণ হয় তেন্তে এতিয়াৰে পৰা আৰু অসমৰ শিক্ষকে অভিযোগ দাখিলৰ বাবে গুৱাহাটীলৈ আহিব নালাগে।

অনলাইনযোগে অভিযোগ দাখিলৰ বাবে শিক্ষা বিভাগে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি গুৱাহাটীত বুধবাৰে আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

“আমি শিক্ষকসকলৰ পৰা বিভিন্ন অভিযোগ পাওঁ। আপোনালোকে অভিযোগ দিবলৈ বহু কষ্ট কৰি গুৱাহাটীলৈ আহিব নালাগে। শিক্ষকৰ অভিযোগ লবলৈ প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা বিভাগত একোটা কোষ স্থাপন কৰা হ’ব,” শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্য্যসূচীত ঘোষণা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যৰ।

ইয়াৰ উপৰিও গুণোৎসৱৰ সময়ত বিদ্যালয়সমূহত দেখা পোৱা আঁসোৱাহসমূহ দূৰ কৰিবলৈ চৰকাৰে ৯৬.২৯২ লাখ টকা বাজেটত ধাৰ্য্য কৰিব বুলিও শিক্ষা মন্ত্ৰীয়ে ভাষণত ঘোষণা কৰে।

শিক্ষা মন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে প্ৰতিখন বিদ্যালয়ত অভিভাৱকৰ সৈতে শিক্ষকৰ সভা বাধ্যতামূলক কৰিবলৈ চৰকাৰে প্ৰচেষ্টা লৈছে।

শিক্ষক দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ ১০খন বিদ্যালয়ক ১ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে ২৩গৰাকী শিক্ষকক কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সোণোৱালৰ লগতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মন্ত্ৰী পল্লৱ লোচন দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁই উপস্থিতি আছিল।