NORTHEAST NOW (Assamese)
অসম

বন্যপ্ৰাণীৰ প্ৰতি নৃশংসতা : বাঘ নিধনৰ ক্ষেত্ৰত দেশৰ তৃতীয় স্থানত অসম

Posted by: এন ই নাও নিউজ January 21, 2019 8:27 am
leopard-reuters

বন্যপ্রাণীৰ প্রতি নৃশংসতা প্ৰদৰ্শনৰ ক্ষেত্ৰত অসম দেশখনৰ ভিতৰত আগশাৰীত স্থান লাভ কৰিছে। অসমৰ জাতীয় সম্পদ হিচাপে পৰিচিত গঁড় হত্যাৰ বাবে সমগ্ৰ বিশ্বৰে দৃষ্টি কঢ়াৰ পাছত বনৰজা বাঘৰ হত্যাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িলে অসমে।

এক অবাঞ্চিত অভিলেখেৰ অসমে বাঘৰ চোৰাং চিকাৰ তথা হত্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তালিকাত তৃতীয় স্থান লাভ কৰিছে। এক আৰটিআইৰ তথ্যত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২০০৮ চনৰ পৰা বৰ্তমানলৈ দেশত মুঠতে ৪২৯ টা বাঘ চোৰাং চিকাৰী তথা মানুহৰ হাতত নিহত হৈছে।

বাঘ হত্যাৰ তালিকাত ৭১ টা বাঘ হত্যাৰে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে মধ্য প্ৰদেশে। সেইদৰে ৪৬ টাকৈ বাঘ হত্যাৰে যুটীয়াভাৱে তালিকাৰ দ্বিতীয় স্থানত আছে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। তাৎপৰ্যপূৰ্ণভাৱে, ৪২ টা বাঘ হত্যাৰে তালিকাৰ তৃতীয় স্থানত আছে অসম। এইক্ষেত্ৰত সম সংখ্যক বাঘ হত্যাৰে অসমৰ লগতে তালিকাৰ তৃতীয় স্থানত আছে ছত্তীশগড়।

উল্লেখযোগ্য যে ব্যাঘ্ৰ প্ৰকল্প ৰূপায়নৰ জৰিয়তে অসমত বাঘ সংৰক্ষণৰ বাবে বিপুল ধনৰাশি ব্যয় কৰাৰ পাছতো ৰাজ্যখনত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সুফল লাভ হোৱা নাই। ইয়াৰ বিপৰীতে মানুহৰ নৃশংসতাৰ বলি হৈ বহু বাঘ মৃত্যু মুখত পৰিবলগীয়া হৈছে।