NORTHEAST NOW (Assamese)
অসম

বাক্সাত তিনিজন চোৰাং চিকাৰীক আটক, বনৰীয়া জন্তুৰ বিভিন্ন সামগ্ৰী জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 1:49 pm
বাক্সাত তিনিজন চোৰাং চিকাৰীক আটক, বনৰীয়া জন্তুৰ বিভিন্ন সামগ্ৰী জব্দ

সোমবাৰে সশস্ত্ৰ সীমা বল, অসম আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত বাক্সা জিলাত তিনিজন চোৰাং চিকাৰীক আটক কৰে।

আটকাধীন চোৰাং চিকাৰী তিনিজনৰ পৰা বনৰীয়া জন্তুৰ বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

জিলাখনৰ হাপাছাৰা-কৰেবাৰী অঞ্চলৰ পৰা আটক কৰা চোৰাং চিকাৰী তিনিজন ক্ৰমে লংকেশ্বৰ বসুমতাৰী, বিনোদ বসুমতাৰী আৰু মদন গয়াৰী বুলি চিনাক্ত কৰিছে।

চোৰাং চিকাৰী তিনিজনৰ পৰা ৩.৭৩ কিলোগ্ৰাম ওজনৰ দুটা হাতী দাঁত, এটা হৰিণাৰ শিং, এটা ভাৰতত নিৰ্মিত পিষ্টলৰ লগতে অন্যান্য সামগ্ৰী জব্দ কৰে।

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰিবলৈ সক্ষম হোৱা চোৰাং চিকাৰী দলটোক।

চিকাৰীৰ দলটো যোৱা সপ্তাহত জামগুৰি বনাঞ্চলত হোৱা হাতীৰ হত্যাত জড়িত আছিল বুলি উল্লেখ কৰে অভিযানকাৰী দলটোৱে।

বৰ্তমান চোৰাং চিকাৰীৰ দলটোক চিমলা আৰক্ষী থানাত জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।