NORTHEAST NOW (Assamese)
অসম

আগন্তুক ২৪ ঘণ্টাত অসমকে ধৰি উত্তৰ-পূবত হ’ব পাৰে প্ৰবল বৃষ্টিপাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 6:08 pm

আগন্তুক ২৪ ঘণ্টাত অসমৰ বিভিন্ন জিলাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

ৱেডাৰ.কমত প্ৰকাশিত বাতৰি অনুসৰি আগন্তুক ২৪ ঘণ্টাত অৰুণাচলপ্ৰদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমত প্ৰবল বৃষ্টিপাত আৰু ঢেৰেকণি হ’ব।

প্ৰকাশিত বতৰৰ আগজাননী অনুসৰি, বুধবাৰে ৰাতিপুৱাৰে পৰা অৰুণাচলপ্ৰদেশ, অসম, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

মণিপুৰতো কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা।

আনহাতে, ২০২০ চনৰ আগষ্ট মাহটো চাৰিটা দশকৰ ভিতৰত ভাৰতত সৰ্বাধিক বৰষুণ হোৱা মাহ হিচাপে পৰিগণিত হৈছে।

আগষ্ট মাহত বংগোপ সাগৰত অভিলেখ সংখ্যক পঞ্চমবাৰৰ বাবে নিম্ন চাপৰ সৃষ্টি হৈছিল যাৰফলত বৰষুণৰ পৰিমাণ ২৫ শতাংশ বৃদ্ধি পাইছিল।