NORTHEAST NOW (Assamese)

সোণৰ পদকেৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজ্জ্বলিল অসমৰ তুনলাই নাৰ্জাৰী

July 18, 2019 2:42 pm · এন ই নাও নিউজ

ধিং এক্সপ্রেছ হিমা দাসে শেহতীয়াভাৱে যোৱা দুটা সপ্তাহত চাৰিটাকৈ সোণৰ পদক অৰ্জনেৰে দেশৰ নাম উজলাই থকাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সোণৰ পদক লাভ কৰি উজলি উঠিছে আন এগৰাকী অসম সন্তান।

কোকৰাঝাৰৰ ঘিলাগুৰী দোতমা গাঁৱৰ ২৩ বছৰীয়া তুনলাই নাৰ্জাৰীয়ে কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্তঃৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাত শ্বটপুটত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে তুনলাই নাৰ্জাৰী বৰ্তমান অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত।

উল্লেখযোগ্য কাজাকাস্তানত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত বিশ্বৰ ১১টা দলে অংশগ্ৰহণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় খৈলুৱৈসকলক পিছ পেলাই মহিলাৰ শ্বটপুটত ১৩.৮৩ মিঃ দলিয়াই শ্ৰেষ্ঠত্ব অৰ্জন তুনলাইৰ এই সফলতা নিসন্দেহে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক আনন্দৰ খবৰ।

Related News