NORTHEAST NOW (Assamese)

চীনত সোণৰ পদক অৰ্জন টুনলাই নাৰ্জাৰীৰ; মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আন্তৰিক অভিনন্দন জ্ঞাপন

August 13, 2019 8:15 pm · এন ই নাও নিউজ
Updated: August 13, 2019 8:19 pm
টুনলাই নাৰ্জাৰী

চীনৰ চেংডুনত অনুষ্ঠিত ৱৰ্ল্ড পুলিছ এণ্ড ফায়াৰ গেমছৰ শ্বটপুটত সোণৰ পদক অৰ্জনেৰে ৰাজ্য তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা এথলেট টুনলাই নাৰ্জাৰীক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে সোণোৱালে কয় যে বিংশ অসম আৰক্ষী (আই আৰ) বেটেলিয়নত কৰ্মৰত ৰাজ্যখনৰ টুনলাই নাৰ্জাৰীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গণত সোণৰ পদক অৰ্জনেৰে যি সুখ্যাতি অৰ্জন কৰিইছে সেয়া ৰাজ্যবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বতৰা।

টুনলাই নাৰ্জাৰীৰ সফলতাই ৰাজ্যখনৰ উঠি অহা ক্ৰীড়াবিদসকলক নিজৰ নিজৰ ক্ৰীড়া ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু ঐকান্তিক অনুশীলনত ব্ৰতী হৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত পদক অৰ্জনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

সোণোৱালে লগতে টুনলাই নাৰ্জাৰীয়ে ভৱিষ্যতেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গণত পদক অৰ্জনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।

 

Related News