NORTHEAST NOW (Assamese)
অসম

বানৰ মাজতে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত দুজন আহত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 3, 2024 7:45 pm
বানৰ মাজতে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত দুজন আহত

বান পৰিস্থিতি ভয়াৱহ হৈ উঠাৰ সময়তে নগাঁও জিলাত বাঘৰ আক্ৰমণত দুজন লোক আহত হয়।

বুধবাৰে সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি অসমৰ জুৰিয়াৰ জেঙানী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

আহত ব্যক্তি দুগৰাকী হৈছে আব্দুল আজিজ আৰু আখতাৰ আলী। দুয়োজনেই একেটা অঞ্চলৰ বাসিন্দা।

বাঢ়নী পানী বাঢ়ি অহাৰ লগে লগে আশ্ৰয় আৰু খাদ্যৰ সন্ধানত বাঘটোৱে জনাঞ্চলৰ ফালে আহিছিল বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

বাঘটো লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই আহিছে বুলিও ঠাৱৰ কৰিছে বন বিভাগৰ লোকে।

আহত দুয়োজন ব্যক্তি এতিয়া চিকিৎসাধীন হৈ আছে।

বাঘটোৱে যাতে আৰু কাকো আক্ৰমণ নকৰে তাৰ বাবে বন বিভাগৰ বিষয়াক মোতায়েন কৰা হৈছে।