NORTHEAST NOW (Assamese)
অসম

যৌন নিৰ্যাতনৰ অভিযোগত অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2025 10:15 am

অসম বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দেওবাৰে বিশ্ববিদ্যালয়খন ছচিয়েল ৱৰ্ক বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে অসম বিশ্ববিদ্যালয় আৰক্ষী আউটপোষ্টত আনুষ্ঠানিকভাৱে এখন এজাহাৰ (এফ আই আৰ) দাখিল কৰে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে অভিযোগত বাৰে বাৰে অসৎ আচৰণ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ কথা জনাই যৌন নিৰ্যাতন, অপৰাধমূলক ভীতি প্ৰদৰ্শন, মানহানি আৰু মানসিক নিৰ্যাতনৰ অভিযোগৰ সবিশেষ উল্লেখ কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি, জেনাই শৈক্ষিক সভাৰ সময়ত নিজৰ কৰ্তৃত্বৰ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক উভয়কে লক্ষ্য কৰি যৌন সম্পৰ্কীয় আৰু মানহানিকাৰক মন্তব্য কৰিছিল।

এজাহাৰত লগতে অভিযোগ কৰা হৈছে যে অধ্যাপকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বাহিৰা সময়ত ৰেষ্টুৰেণ্ট আৰু কেবিনৰ দৰে বিচ্ছিন্ন স্থানত তেওঁক লগ কৰিবলৈ বাধ্য কৰাইছিল, য’ত তেওঁ যৌন হাৰাশাস্তিমূলক ভাষা ব্যৱহাৰ কৰিছিল।

অভিযোগত জেনাই ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ ব্যক্তিগত জীৱনৰ বিষয়ে অশ্লীল মন্তব্য কৰা, শৈক্ষিক পৰিণতিৰ ভাবুকি দিয়া আৰু ছাত্ৰ-ছাত্ৰীক তেওঁৰ সমৰ্থনত ভুৱা বক্তব্য দিবলৈ জোৰ-জবৰদস্তি কৰাৰ চেষ্টা কৰা আদি অভিযোগৰ সৱিশেষ দাঙি ধৰা হৈছে।

তেওঁৰ এই কাৰ্য্যই ভুক্তভোগীসকলৰ ওপৰত যথেষ্ট আৱেগিক চাপৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।

এফআইআৰত তালিকাভুক্ত মূল অভিযোগসমূহৰ ভিতৰত আছে ছাত্ৰীক যৌন নিৰ্যাতন আৰু অপমানজনক মন্তব্য, আৱদ্ধ কৰি ৰখাৰ তথা শৈক্ষিক শাস্তিৰ ভাবুকি জড়িত অপৰাধমূলক ভীতি প্ৰদৰ্শন, ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ ভুৱা চৰিত্ৰহনন, ব্যক্তিগত লাভৰ বাবে প্ৰৰোচিত কৰা আৰু জোৰ-জবৰদস্তি কৰা, কৰ্তৃত্বৰ অপব্যৱহাৰ, মানসিক আঘাত প্ৰদান কৰা আদি।

অভিযোগকাৰীসকলে তেওঁলোকৰ অভিযোগৰ প্ৰমাণ দিবলৈ মোবাইল ৰেকৰ্ডিং, কল ৰেকৰ্ড, স্ক্ৰীণশ্বট, সাক্ষীৰ সাক্ষ্যকে ধৰি সমৰ্থনত প্ৰমাণ দাখিল কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে।

সূত্ৰসমূহে লগতে কয় যে অসম বিশ্ববিদ্যালয় আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াই এই এফআইআৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে।