NORTHEAST NOW (Assamese)
অসম

অসম বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক নিলম্বন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2019 10:17 am
Assam University

অসম বিশ্ববিদ্যালয়ৰ উপচাৰ্য্য দিলীপ চন্দ্ৰ নাথে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক সঞ্জীৱ ভট্টাচাৰ্য্যৰ নিলম্বনৰ আদেশ জাৰি কৰে।

উপায়ুক্ত গৰাকীয়ে শুকুৰবাৰে ছুটীলৈ যোৱাৰ পূৰ্বে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে আৰু আচৰিত ধৰণে পঞ্জীয়ক ভট্টাচাৰ্য্যয়ো ছূটীত থকাৰ সময়তে নিলম্বনৰ আদেশ জাৰি কৰা হয়।

নিলম্বনৰ এই আকস্মিক নিৰ্দেশে বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ সমাজক আচৰিত কৰি তোলাৰ লগতে তেওঁলোকে সমগ্ৰ ঘটনাত ৰহস্যৰ গোন্ধ পাইছে।

আনহাতে, পঞ্জীয়কৰ অনুপস্থিতিৰ পাছত যুটীয়া পঞ্জীয়ক ড০ প্ৰদোশকিৰণে ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ড০ সুমনোশ দত্তই উপাচাৰ্য্য নাথৰ অনুপস্থিতিত ভাৰপ্ৰাপ্ত উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ পালন কৰিব।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথাবতৰাত ড০ সুমনোশ দত্তই শুকুৰবাৰে সন্ধিয়া তেওঁ পঞ্জীয়কৰ নিলম্বনৰ আদেশ ইমেইল যোগে লাভ কৰা বুলি জানিবলৈ দিয়ে।

ইমেইলত কেন্দ্ৰীয় প্ৰশাসনিক সেৱা নীতি ১০(১)ৰ অধীনত পঞ্জীয়ক সঞ্জীৱ ভট্টাচাৰ্য্যক নিলম্বন কৰা হয় বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জানিবলৈ দিয়া মতে ড০ সঞ্জীৱ ভট্টাচাৰ্য্যই এচ চি পদক জেনেৰেললৈ সলনি কৰাৰ বাবে নিলম্বনৰ হ’বলগীয়া হৈছে।

দত্তই প্ৰকাশ কৰা মতে, এবাৰ শ্বাৰ্জ শ্বিট দাখিল কৰাৰ পাছতে ড০ ভট্টাচাৰ্য্যৰ নিলম্বন প্ৰায় স্পষ্ট হৈ পৰে।