NORTHEAST NOW (Assamese)

কামৰূপৰ বাটৰহাটত বনৰীয়া হাতীৰ সন্ত্ৰাস: নিশাৰ ভিতৰতে ভাঙিলে ঘৰ-ভঁৰাল, কথমপি প্ৰাণ ৰক্ষা গৰ্ভৱতী মহিলা

March 10, 2026 1:51 pm · এন ই নাও নিউজ, গুৱাহাটী

সোমবাৰে নিশা কামৰূপ গ্ৰাম্য জিলাৰ লোহাৰঘাট বনাঞ্চলৰ অন্তৰ্গত বাটৰহাটৰ দহালী চেংপাৰা গাঁৱত ৫টা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ভয়ংকৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। খাদ্যৰ সন্ধানতওলাই অহা হাতীৰ জাকটোৱে গোটেই নিশা উপদ্ৰৱ চলোৱাৰ ফলত গাঁৱৰ ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হয়।

জানিব পৰা মতে, সোমবাৰে সন্ধিয়াৰ পৰা পুৱতি নিশা প্ৰায় ৪ বজালৈকে এই হাতীকেইটাই গাঁওখনত তাণ্ডৱ চলায়। হাতীৰ জাকটোৱে প্ৰথমে স্থানীয় বাসিন্দা কনক নাথৰ ঘৰত সোমাই ধানৰ ভঁৰাল ভাঙি পেলায় আৰু ধানখিনি খাই শেষ কৰে। ইয়াৰ পিছতে হাতীকেইটাই অৰূপ নাথৰ ঘৰটো ভাঙি তহিলং কৰে। সেই সময়ত ঘৰটোৰ ভিতৰত অৰূপ নাথ আৰু তেওঁৰ গৰ্ভৱতী পত্নী শুই আছিল। অৱশ্যে অতি সৌভাগ্যক্ৰমে দুয়ো কথমপি হাতীৰ গছক পৰাৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, কেৱল দহালী চেংপাৰাতেই নহয়, বিগত কিছুদিন ধৰি এই বন্যহস্তীৰ জাকটোৱে বাটৰহাট, ৰঙামাটি, গোসাঁই মেধিপাৰা, ভাগৱতীপাৰা, নহিৰা আৰু ৰাজাপুখুৰীকে ধৰি কেইবাখনো গাঁৱত সন্ত্ৰাস চলাই আহিছে। দিনৰ ভাগত জংঘলত সোমাই থকা হাতীকেইটাই নিশা হ’লেই গাঁৱত প্ৰৱেশ কৰি কলগছ, নাৰিকল গছ, খেতি-বাতি আৰু ধানৰ ভঁৰাল নষ্ট কৰি আহিছে। হাতীৰ উপদ্ৰৱত সৰ্বস্বান্ত হোৱা অঞ্চলবাসীয়ে এতিয়া স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰাজ্য চৰকাৰক এই হাতীকেইটা অতি শীঘ্ৰে পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ আহ্বান জনাইছে।

Related News