দেশৰ কোনখন ৰাজ্যৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে? নামটো শুনি উচপ খাই নুঠিব!

আপুনি কেতিয়াবা ভাবিছেনে ভাৰতৰ কোনখন ৰাজ্যত মহিলাসকলে আটাইতকৈ বেছিকৈ মদ্যপান কৰে? শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৰা এক সমীক্ষাত কিছু আচৰিত ধৰণৰ পৰিসংখ্যা উন্মোচিত হৈছে।
সমীক্ষাত প্ৰকাশিত পৰিসংখ্যা অনুসৰি অসমত মদ্যপান কৰা মহিলাৰ সংখ্যা সৰ্বাধিক। ভাৰতত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৰাষ্ট্ৰীয় গড় মদ্যপানৰ হাৰ ১.২ শতাংশ। তাৰ তুলনাত অসমত এই মহিলাসকলৰ মাজত মদ্যপানৰ হাৰ ১৬.৫ শতাংশ।
অসমৰ পিছতে আছে চুবুৰীয়া মেঘালয়। এই ৰাজ্যত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ মদ্যপানৰ হাৰ ৮.৭ শতাংশ। অসমতকৈ কম হ’লেও এই সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি।
এই তালিকাত তৃতীয় স্থানত আছে অৰুণাচল প্ৰদেশ। কিন্তু এই ৰাজ্যৰ মহিলাসকলৰ মাজত বিগত বছৰৰ তুলনাত মদ্যপানৰ হাৰ কমিছে। অৰুণাচল প্ৰদেশত ১৫-৪৯ বছৰ বয়সৰ ৩.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে।
আমোদজনক কথাটো হ’ল অৰুণাচল প্ৰদেশত পুৰুষৰ মদ্যপানৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক। উত্তৰ-পূব ভাৰতৰ এই সৰু ৰাজ্যখনত ১৫-৪৯ বছৰ বয়সৰ পুৰুষৰ মদ্যপানৰ হাৰ ৫৯ শতাংশ।
মদ্যপান কৰা মহিলাৰ তালিকাত অৰুণাচল প্ৰদেশৰ পাছত ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত আছে ছিকিম আৰু ছত্তীশগড়। ছিকিমত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ মদ্যপানৰ হাৰ ০.৩ শতাংশ। ছত্তীশগড়ত একে বয়সৰ ০.২ শতাংশ মহিলাই সুৰা সেৱন কৰে।
আনহাতে, ঝাৰখণ্ড আৰু ত্ৰিপুৰাত পূৰ্বতে মহিলাসকলৰ মাজত মদ্যপানৰ হাৰ আছিল ক্ৰমে ৯.৯ শতাংশ আৰু ৯.৬ শতাংশ। যিটো যথেষ্ট হ্ৰাস পাইছে। বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ঝাৰখণ্ডৰ ০.৩ শতাংশ আৰু ত্ৰিপুৰাত ০.৮ শতাংশ মহিলাই মদ্যপান কৰে।
আচৰিত কথাটো হ’ল দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দৰে মহানগৰ ভিত্তিক ৰাজ্যসমূহ বৃহৎ কৰ্পৰেট বিনিয়োগৰ বাবে পৰিচিত। কিন্তু পৰ্যালোচনাত প্ৰকাশিত তালিকাত এইবোৰৰ কোনোৱেই স্থান নাপালে।