NORTHEAST NOW (Assamese)
অসম

স্বামী কৰ্তব্যৰ বাবে ওলাই যোৱাৰ পিছতে উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা এমহীয়া কেঁচুৱাৰ মাতৃক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2023 1:59 pm

মৰিগাঁও জিলাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা।  সোমবাৰে নিশা এগৰাকী এমহীয়া কেঁচুৱাৰ মাতৃক তেওঁৰ বাসগৃহত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। 

জিলাখনৰ পচতীয়া অঞ্চলত এই ঘটনা সংঘটিত হৈছে। নিহত মহিলাগৰাকীৰ নাম নিকিতা দেৱী (২৫)। 

সূত্ৰই জনোৱা মতে, স্বামী কৰ্মস্থলীলৈ উলাই যোৱাৰ পিছত এমহীয়া কেঁচুৱাটোৰ সৈতে তেওঁৰ ঘৰত অকলে আছিল। সেই সময়তে অচিনাক্ত দুষ্কৃতিকাৰীয়ে ঘৰত সোমাই তেওঁক ধৰ্ষণ কৰাৰ লগতে ডিঙি চেপি হত্যা কৰে।

জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে স্থানীয় এটা চিনেমা হলত নিৰাপত্তাৰক্ষী হিচাপে নৈশ শ্বিফটত কাম কৰে। 

ঘটনা সন্দৰ্ভত স্বামীগৰাকীয়ে কয়, “যোৱা এবছৰ ধৰি মই নাইট শ্বিফ্ট কৰি আছো আৰু কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। মোৰ পত্নীয়ে কেতিয়াবা গভীৰ নিশা অঞ্চলটোত কেইজনমান ব্যক্তি ঘূৰি ফুৰাৰ কথা উল্লেখ কৰিছিল যদিও মই ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিলোঁ।”

ঘটনাৰ পিছত মঙলবাৰে পুৱা অসম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।