NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ শুনানিতে প্ৰসৱ সন্তান

Posted by: এন ই নাও নিউজ March 29, 2019 7:16 pm
Assam woman gives birth to a baby boy while waiting for NRC hearing

মফিদা খাতুন নামৰ এগৰাকী মহিলাই বৃহস্পতিবাৰে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাত এন আৰ চিৰ শুনানিতে এটি সন্তান প্ৰসৱ কৰিছে।

জানিব পৰা মতে ফকিৰগঞ্জত অনুষ্ঠিত শুনানিটোৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে প্ৰসৱবেদনাত ভোগে মহিলাগৰাকীয়ে।

উপস্থিত লোক এজনে যন্ত্ৰণাত কাতৰ মহিলাগৰাকীক দেখা পাই স্থানীয় মহিলাসকলক খবৰ দিয়াত তেওঁলোকৰ সহায়ত খাতুনে শুনানিথলীতে এটি ল’ৰা সন্তান জন্ম দিয়ে।

খাতুনৰ ঘৰ চাপৰ গাঁৱত।

সদৌ অসম ছাত্ৰ সন্থাৰ স্থানীয় গোটে মহিলাগৰাকীৰ শুনানিৰ দিন পিছুৱাই দিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে।