NORTHEAST NOW (Assamese)
অসম

অসমৰ যুৱতীক নাঙঠ কৰি মাৰপিট, গোপন অংগত আঘাত; দিল্লীত উঃ-পূঃৰ লোকৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2019 6:04 pm
Assam woman stripped naked in Delhi PS; beaten in private parts

অসমৰ এগৰাকী যুৱতীক নতুন দিল্লীৰ সমীপৰ গুৰুগ্ৰাম (গুৰগাওঁ)ৰ এক থানাত আৰক্ষীয়ে নাঙঠ কৰি প্ৰচণ্ড মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

গুৰুগ্ৰামৰ লগতে দিল্লীবাসী অসমীয়াকে ধৰি উত্তৰ-পূবৰ প্ৰায় দুশ লোক ঘটনাটোৰ প্ৰতিবাদত ওলাই অহাৰ লগে লগে কথাটো পোহৰলৈ আহিছে।

উত্তৰ-পূবৰ লোকৰ লগতে বহুকেইটা বেচৰকাৰী সংস্থায়ো গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্ত মহম্মদ অকিলৰ সন্মুখত বুধবাৰে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

থানাখনত পুলিচে তেওঁৰ কাপোৰ খুলি গোপন অংগত প্ৰচণ্ডভাৱে আঘাত কৰিছিল আৰু তেওঁ এতিয়া থিয় হ’ব পৰা অৱস্থাতো নাই, যুৱতীগৰাকীৰ গিৰীয়েকৰ ভাষ্য।

অভিযোগমতে, ৩০ বছৰীয়া যুৱতীগৰাকীক গুৰুগ্ৰামৰ ডি এল এফ ফে’জ-১ থানাত ৯ ঘণ্টাধৰি আটক কৰি ৰখা হৈছিল।

ঘৰুৱা সহায়কাৰী হিচাপে গুৰুগ্ৰামত কৰ্মৰত যুৱতীগৰাকীৰ বিৰুদ্ধে ঘৰৰ মালিকে মঙলবাৰে চুৰিৰ অভিযোগ দাখিল কৰিছিল।

কিন্তু যুৱতীগৰাকীয়ে এই অভিযোগ কোনোপধ্যেই নমনাত “চুৰি কৰা” বুলি সৈ কাঢ়িবলৈ জোৰ-জবৰদস্তি তেওঁৰ ওপৰত এই নিৰ্য্যাতন নমাই অনা হয়, গিৰীয়েকে জনায়।

“অভিযোগৰ পিছত তদন্তকাৰী বিষয়া এ এছ আই মধুবালাই তেওঁক থানাত হাজিৰ হ’বলৈ কৈ যায়। থানাত হাজিৰ হোৱাৰ পিছত কেইজনমান পুলিচে তাইক এটা ৰুমলৈ লৈ যায় আৰু তাইৰ গাৰ সকলো কাপোৰ খুলি বেল্ট আৰু লাঠীৰে তাইক নৃশংসভাৱে মাৰপিট কৰে,” যুৱতীগৰাকীৰ গিৰীয়েকৰ ভাষ্য।

উত্তৰ-পূববাসীৰ প্ৰতিবাদৰ পিছতে আৰক্ষী আয়ুক্তই অভিযুক্ত চাৰিজন আৰক্ষীকে ধৰি থানাখনৰ এছ এইচ অ’জনক শাস্তিমূলক ছুটীত পঠাইছে আৰু ঘটনাটোৰ সঠিক তদন্তৰ আশ্বাস দিছে।

প্ৰতিবাদী উত্তৰ-পূববাসীৰ লগতে যুৱতীগৰাকীৰ গিৰীয়েকে দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী জনাইছে।

“এলেকাটোৰ এ চি পি আৰু ডি চি পি সুলোচনা গজৰাজৰ হৈ তাইক নৃশংসভাৱে আক্ৰমণ কৰা দুগৰাকী মহিলা আৰক্ষীকে ধৰি চাৰিওজন আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ দাবী জনাইছো,” গিৰীয়েকে কয়।