NORTHEAST NOW (Assamese)

অসমক বদনাম; কেৰালাৰ মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ ওমৰ আলী

November 29, 2019 10:58 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কেৰালা আৰক্ষীয়ে কেৰালাৰ এগৰাকী ৪২ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত অসমৰ এজন শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা শ্ৰমিকজন অসমৰ ওমৰ আলী বুলি জানিব পৰা গৈছে।

কেৰালাৰ কোচিৰ পেৰুম্বাভুৰত ওমৰ আলীয়ে মহিলাগৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে কোৰেৰে কোবাই কোবাই হত্যা কৰিছিল বুলি কেৰালা আৰক্ষীয়ে সদৰী কৰিছে।

বুধবাৰে পেৰুম্বাভুৰ এখন দোকানৰ সন্মুখৰ পৰা দুৰ্ভগীয়া মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছত চি চি টিভি ফুটেজৰ সহায়ত লম্পট ওমৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ওমৰ আলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২০১৬ চনত কোচিৰ এগৰাকী ছাত্ৰীক অসমৰ আমিৰুল ইছলাম নামৰ এগৰাকী শ্ৰমিকে ধৰ্ষণ কৰি হত্যা কৰিছিল।

ৰাজ্যৰ বাহিৰলৈ কাম কৰিব যোৱা শ্ৰমিকৰ এনেধৰণৰ অপৰাধে বহি ৰাজ্যত অসমৰ শ্ৰমিকৰ ভাবমূৰ্তি বিনষ্ট কৰিব বুলি সন্দেহ কৰা হৈছে।

Related News