NORTHEAST NOW (Assamese)
অসম

কৃষক মুক্তিৰ প্ৰতিবাদী সমদলত যুৱকে গাৰ তেজেৰে লিখিলে ‘জয় আই অসম’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 13, 2019 2:48 pm
KMSS Protest

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মেঘালয় আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীৰ আদৰ্শ ল’বৰ বাবে আহ্বান জনায়।

আজি বিধেয়কখনৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে এটা প্ৰতিবাদী সমদলক নেতৃত্ব দি সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে সোণোৱালক মেৰুদণ্ডহীন মুখ্য মন্ত্ৰী আখ্যা দিয়ে।

“সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক বচাবলৈ যি ভূমিকা ল’ব লাগিছিল সেয়া লোৱা নাই”, সোণোৱালক সমালোচনাৰে ধৈৰ্য্য কোঁৱৰে কয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী দিল্লীত যিধৰণে গৰজি উঠিছে ঠিক তেনেকৈ সৰ্বানন্দ সোণোৱালে দিল্লীৰ চকুত চকু থৈ কথা ক’ব নোৱাৰে বুলি কটাক্ষ কৰে কৃষক মুক্তিৰ নেতাজনে।

“মুখ্যমন্ত্ৰীৰ আসনখনৰ লোভত সোণোৱালে অসমীয়া জাতিটোক দিল্লীৰ বলিশালত তুলি দিব বিচাৰিছে”, সংগঠনটোৰ সাধাৰণ সম্পাদকজনে কয়।

বিধেয়ক বিৰোধী সমদলটোত হাজাৰোধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত ধ্বনি দিয়ে। জয়ন্ত ৰায় নামৰ কৃষক মুক্তিৰ এজন প্ৰতিবাদকাৰীয়ে নিজৰ হাত ব্লেডেৰে কাটি তাৰ তেজেৰে ‘জয় আই অসম’ লিখি নিজৰ আৱেগ প্ৰকাশ কৰে।

আনহাতে মোদীৰ প্ৰতিকৃতি দাহ কৰিব খোজোতে আৰক্ষীৰ সৈতে হতাহতি লাগে প্ৰতিবাদকাৰীসকলৰ। পিছত অৱশ্যে প্ৰতিবাদকাৰীসকল মোদীৰ প্ৰতিকৃতি দাহ কৰিবলৈ সক্ষম হয়।

প্ৰতিবাদী সমদলৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ বিধেয়ক বাতিলৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।