NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত অসমৰ দন্ত চিকিৎসা শিক্ষাৰ্থীৰ প্ৰতিবাদ

December 16, 2019 7:21 am · এন ই নাও নিউজ
Updated: December 16, 2019 7:22 am
উত্তৰ প্ৰদেশত অসমৰ দন্ত চিকিৎসাৰ শিক্ষাৰ্থীসকলে নতুন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

উত্তৰ প্ৰদেশত অধ্যয়ন কৰি থকা অসমৰ দন্ত চিকিৎসা বিষয়ৰ শিক্ষাৰ্থীসকলেও নাগৰিকত্ব সংশোধনী আইন ২০১৯’ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত উত্তৰ প্ৰদেশৰ অসমীয়া দন্ত চিকিৎসা শাস্ত্ৰৰ শিক্ষাৰ্থীসকলে কয় যে তেওঁলোকে আইনখনৰ বিৰোধিতা কৰা  সকলৰ সৈতে থিয় দিছে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ত স্বাক্ষৰ কৰাৰ পাছতে এইখন আইনত পৰিণত হয়।

উত্তৰ প্ৰদেশৰ অসমীয়া দন্ত চিকিৎসা শাস্ত্ৰৰ শিক্ষাৰ্থীসকলে হাতত ‘’আমাক কেব নালাগে’’,’’জয় আই অসম’’,’’আমাৰ ৰাজ্য জ্বলিছে, আপুনিও মাত মাতক’’,’’আমি অবৈধ অনুপ্ৰৱেশকাৰী নিবিচাৰো’’আদি প্লেকাৰ্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

যোৱা বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ গৃহীত হৈছিল।

ইয়াৰ পূৰ্বে বিধেয়কখন সোমবাৰে মাজনিশা লোকসভাত গৃহীত কৰা হৈছিল।

যোৱা বুধবাৰৰ পৰাই নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল প্ৰতিবাদ অব্যাহত আছে।

গুৱাহাটীকে ধৰি অসমৰ কেইবাঠাইতো সেনা নিয়োগ কৰাৰ উপৰি সান্ধ্য আইন বাহাল আছে।

ৰাজ্যখনৰ উপৰিও দিল্লী, বাংগালুৰু , চেন্নাই, ভুৱনেশ্বৰ, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন অংশৰ লগতে আনকি আমেৰিকা তথা লণ্ডনতো বাস কৰা অসমৰ লোকসকলে নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

Related News