NORTHEAST NOW (Assamese)

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ভোটদান : প্ৰাৰ্থীসকললৈ ভাল কাম কৰাৰ বাবে অনুৰোধ অভিনেত্ৰীগৰাকীৰ

April 23, 2019 9:44 am · কল্পজ্যোতি শইকীয়া
Updated: April 23, 2019 10:27 am

ৰাজ্যত আজি অনুষ্ঠিত হৈ থকা তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। দিঘলীয়া শাৰী পাতি ১২৬ নং উজানবজাৰ শিশু বিদ্যালয়ত থকা ভোটদান কেন্দ্ৰত ভোটদান কৰে অভিনেত্ৰীগৰাকীয়ে।

ভোটদান কৰি অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো গণতান্ত্ৰিক দেশৰ নাগৰিকৰ দায়িত্ব বুলি উল্লেখ কৰে।

আনহাতে, যুৱ প্ৰজন্মৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সুখী অভিনেত্ৰীগৰাকী। দেশ সজাগ হোৱা বাবে ৰাজনীতি কৰা সকলো সজাগ হ’বলৈ বাধ্য হোৱাতো বৰ্তমান ৰাজনীতিৰ ভাল লগা কথা বুলি কয় বৰষাই।

কেনেধৰণৰ প্ৰতিনিধি নিৰ্বাচিত হোৱাটো তেওঁ বিচাৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে সংসদত অসমৰ সমস্যাক বলিষ্ঠভাবে উপস্থাপন কৰিব পৰা ব্যক্তি নিৰ্বাচিত হোৱাতো তেওঁ বিচাৰে বুলি মন্তব্য কৰে।

তদুপৰি তেওঁক বহুবাৰ ৰাজনীতিলৈ টনা হৈছিল বুলি উল্লেখ কৰি বৰষাই কয় যে সেই সময়ত বহুতেই তেওঁক ৰাজনীতি লেতেৰা গতিকে ৰাজনীতিলৈ আহিব নালাগে বুলি পৰামৰ্শ দিছিল কিন্তু ৰাজনীতি লেতেৰা নহয় ইয়াক লেতেৰা কৰা হৈছে বুলি বুলি মত পোষণ কৰে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে, যিয়ে সাংসদ হিচাপে নিৰ্বাচিত হ’ব তেওঁলৈ ভাল কাম কৰাৰ বাবে অনুৰোধ জনাই বৰষাই কয় যে ভাল কাম কৰিলে এবাৰ কিয় পাঁচ বছৰ পাছত আকৌ জয়ী হ’ব পাৰিব।

Related News