NORTHEAST NOW (Assamese)

বিশিষ্ট অসমীয়া চলচ্চিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ বিয়োগত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

February 18, 2020 7:33 pm · এন ই নাও নিউজ
প্ৰাঞ্জল ভৰালী, উৎস-ইণ্টাৰনেট

অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট প্ৰযোজক প্ৰাঞ্জল ভৰালীয়ে আজি ৰাতিপুৱা গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত ভৰালীয়ে ‘জোন দা ইমান গুণ্ডা’, ‘চুৰেণ চোৰৰ পুতেক’, আদিৰ দৰে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল।

ভৰালীয়ে দীৰ্ঘদিনৰ পৰা বৃক্ক আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিল।

আনহাতে, বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক গৰাকীৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক বিবৃতিযোগে সোণোৱালে কয় যে, জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত ভৰালীয়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ ডি অৱদান আগবঢ়াই গৈছে সেয়া ৰাজ্যখনৰ সংস্কৃতিপ্ৰেমী জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজনাৰে তেখেতে অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে জনসাধাৰণক বিশেষ আমোদ প্ৰদানৰ যাত্ৰা আৰম্ভ কৰিছিল বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

সোণোৱালে প্ৰয়াত প্ৰাঞ্জল কুমাৰ ভৰালীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰিও শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News