NORTHEAST NOW (Assamese)
অসম

২৮ ছেপ্তেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’

Posted by: এন ই নাও নিউজ September 19, 2018 9:52 pm
Village Rockstar

অহা ২৮ ছেপ্তেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে বহু প্ৰশংসিত তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণ কমল প্ৰাপ্ত অসমীয়া ছবি ভিলেজ ৰকষ্টাৰ্ছ।

উল্লেখযোগ্য যে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ এ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অজস্ৰ সন্মান লাভ কৰাৰ লগতে দৰ্শক ৰাইজৰ পৰাও বিপুল সমাদৰ লাভ কৰিছে।

চলচ্চিত্ৰখনৰ মুক্তিক লৈ উৎফুল্লিত হৈ পৰা দাসে তেওঁৰ এক ফেচবুক প’ষ্টত কয়, ‘বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত দৰ্শকৰ হৃদয় জিনা ভিলেজ ৰকষ্টাৰ্ছৰ এই ৰোমাঞ্চকৰ যাত্ৰাৰ অন্তত অৱশেষত চিনেমাখনক নিজ গৃহভূমিৰ দৰ্শকৰ বাবে আগবঢ়াই দিবলৈ পাই মই খুবেই পুলকিত হৈছো।‘

এগৰাকী কিশোৰীৰ সংগীতৰ প্ৰতি থকা ধাউতি আৰু শেষত লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা সংগ্ৰামক লৈ নিৰ্মাণ কৰা হৈছে ‘ভিলেজ ৰকষ্টাৰ্ছ’।

চলচ্চিত্ৰখৰ মূল ভূমিকাত কৰা অনবদ্য অভিনয়ৰ বাবে ভনিতা দাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল