NORTHEAST NOW (Assamese)
অসম

হাড়গিলাৰ প্ৰতি সজাগতাৰ সৃষ্টি অভিনৱ প্ৰয়াস! : হাড়গিলা আৰ্হিৰে নিৰ্মাণ থলুৱা অসমীয়া গহনা

Posted by: হিৰণ্য বৰ্মন Updated by: হিৰণ্য বৰ্মন October 7, 2020 6:28 pm
Hargila-1-750x375

নতুন ৰূপত উদ্ভাসিত হৈ উঠিছে অসমীয়া পৰম্পৰাগত অলংকাৰ।

এইবাৰ অসমীয়া থলুৱা গহনাত দেখা গৈছে হাড়গিলা আৰ্হিৰ এক নতুন কাৰুকাৰ্য।

প্ৰকৃতি তথা হাড়গিলা সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই নতুন গহনাবিধ নিৰ্মাণ কৰি উলিয়াইছে অসমীয়া পৰম্পৰাগত গহনা নিৰ্মাণ প্ৰতিষ্ঠান প্ৰজাপতিয়ে।

আৰু এই গহনাৰ হাড়গিলা আৰ্হি প্ৰস্তুত কৰিছে পল্লৱী হাজৰিকাই।

উল্লেখ্য যে গ্ৰীণ অস্কাৰ বিজয়ী অসমীয়া যুৱতী পূৰ্ণিমা দেৱী বৰ্মনে প্ৰকৃতি তথা হাড়গিলা সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে অলংকাৰ নিৰ্মাতা প্ৰতিষ্ঠানবোৰক এনে আৰ্হিৰ গহনা নিৰ্মাণৰ বাবে অনুৰোধ কৰি আহিছিল।

অলংকাৰ নিৰ্মাণ প্ৰতিষ্ঠান প্ৰজাপিতয়ে এনে অনুৰোধৰ পৰিপ্ৰেক্ষিততে থলুৱা গহনাক নতুন আৰ্হিৰে অৰ্থাৎ হাড়গিলাৰ আৰ্হিৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু এই গহনাৰ প্ৰতি ক্ৰেতাৰো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ইয়াৰ দ্বাৰা হাড়গিলা সংৰক্ষণৰ সজাগতাৰৰো সৃষ্টি হৈছে দেখা গৈছে।

“হাড়গিলা সংৰক্ষণৰ ওপৰত গণ সজাগতা সৃষ্টি কৰিবলৈ বহু পন্থা গ্ৰহণ কৰিব পাৰি। মোৰ ধাৰণা যে ঐতিহ্যৰ সৈতে একত্ৰিত কৰা এই পন্থাই এনে সজাগতাক প্ৰতিটো পৰিয়াললৈ আগবঢ়াই নিব।” গ্ৰীণ অস্কাৰ বিজয়ী আৰু আৰণ্যকৰ সৈতে জড়িত পূৰ্ণিমা দেৱী বৰ্মনে নৰ্থ ইষ্ট নাওক কয়।

উল্লেখ্য যে হাড়গিলা সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পূৰ্ণিমা দেৱী বৰ্মনে ইয়াৰ পূৰ্বেও এনে আৰ্হি বিভিন্ন মাধ্যমত ব্যৱহাৰ কৰি আহিছে।

অসমীয়া মেখেলা-চাদৰতো হাড়গিলা সংৰক্ষণৰ সজাগতা সৃষ্টিৰে ইতিপূৰ্বে হাড়গিলাৰ আৰ্হি প্ৰস্তুত কৰি আহিছে বৰ্মনে।

বৰ্মনে জনোৱা অনুসৰি তেওঁৰ এই প্ৰচেষ্টাত ১০ হাজাৰো অধিক গ্ৰামীণ মহিলা জড়িত হৈ আছে। আৰু এই মহিলাসকলক হাড়গিলা সংৰক্ষণৰ সেনানীৰূপে অংগীকাৰৱদ্ধ কৰি তোলা হৈছে।