NORTHEAST NOW (Assamese)
অসম

ইৰাণত উজলিল অসমীয়া চুটি ছবি কানফুচফুচত ফুচফুচনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2019 7:28 am
Assamese-short-film-shines-in-Iran-1140x570

অসমৰ মহৰ্ষি তুহিন কাশ্যপৰ এখন চুটি ছবি “কান ফুচফুচত ফুচফুচনি’(পয়েট্ৰি অফ হুইছপাৰ্ছ)য়ে অলপতে ইৰাণত অনুষ্ঠিত হৈ যোৱা ইন্টাৰনেশ্যনেল ম’ভিং ফিল্ম ফেষ্টিভেল (আইএমএফএফ)ত শ্ৰেষ্ঠ ষ্টুডেন্ট ফিল্ম (কাহিনী) বঁটা লাভ কৰে।

নিজৰ ফে’চবুক পে’জত কাশ্যপে লিখিছে: ‘’গৌৰৱেৰে শ্বেয়াৰ কৰিছো যে আমাৰ দীৰ্ঘদিনীয়া অনুশীলনৰ ফচল কান ফুচফুচত ফুচফুচনি (পয়েট্ৰি অফ হুইছপাৰ্ছ)য়ে ইৰাণৰ আবানদনত ইন্টাৰনেশ্যনেল ম’ভিং ফিল্ম ফেষ্টিভেল (আইএমএফএফ)ত শ্ৰেষ্ঠ ষ্টুডেন্ট ফিল্ম (কাহিনী) বঁটা লাভ কৰিছে।‘’

“কান ফুচফুচত ফুচফুচনি’ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা ৩০৪৬খন ছবিৰ মাজত নিৰ্বাচিত হৈছিল।

আইএমএফএফৰ দ্বাদশ সংস্কৰণটোত ১২০খন দেশৰ পৰা নিৰ্বাচিত মুঠ ১০৬খন ছবি প্ৰদৰ্শন কৰা হৈছিল।

ইন্টাৰনেশ্যনেল ম’ভিং স্কুলৰ দ্বাৰা আয়োজিত আইএমএফএফ হৈছে এক বাৰ্ষিক আন্তৰ্জাতিক মহোৎসৱ য’ত বিভিন্ন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি প্ৰদৰ্শিত হয়।

“কান ফুচফুচত ফুচফুচনি’য়ে চলিত বছৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলতো তৃতীয় পুৰষ্কাৰ লাভ কৰিছিল।

মহৰ্ষি তুহিন কাশ্যপ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজি (জিআইএমটি)ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ।