NORTHEAST NOW (Assamese)
অসম

ৰীমাৰ ৰূপত অসমীয়া ৱিকিপিদিয়াত ত্ৰিপল চেন্সুৰি অজয় দাসৰ

Posted by: এন ই নাও নিউজ January 1, 2019 5:05 pm
assamese wikipedia rima das

বিদায় লোৱা বছৰটোৰ অন্তিম দিনটোত ভিলেজ ৰকস্তাৰ্ছ-খ্যাত ৰীমা দাসৰ ৰূপত অসমীয়া ৱিকিপিদিয়াত ব্যক্তিগত ৩০০ সংখ্যক প্ৰবন্ধ সংযোজন কৰিছে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ অজয় দাসে।

অজয় দাসে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Jorhat Institute of Science & Technology)ৰ ইলেকত্ৰনিক আৰু তে’লিকমিউনিকে’চন বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ।

ৰীমা দাস বিষয়ক প্ৰবন্ধটোৰ লগতে ডিচেম্বৰ মাহত মুঠ ৬৭টা লেখা অসমীয়া ৱিকিপিদিয়াত সংযোজিত হৈছে।

assamese wikipedia
’১৮ৰ ডিচেম্বৰত সংযোজিত ৱিক্পিদিয়াৰ অসমীয়া প্ৰবন্ধসমূহ। সৌজন্য- ৱিকি।

ৱিকিপিডিয়া এখন মুক্ত বিশ্বকোষ। ইণ্টাৰ্নেটযোগে পাঠকসকলে ৱিকিপিডিয়া ব্যৱহাৰ কৰাৰ দৰেই পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতা কৰি ইয়াক লিখিও উলিয়াইছে।

পৃথিৱীৰ বিভিন্ন ভাষাত থকা ৱিকিপিদিয়াৰ অসমীয়া সংস্কৰণে নিজৰ বিষয়ে দিয়া পৰিচয়মূলক টোকাৰ পৰাই ইয়াৰ বিষয়ে জানো আহক।

ৱিকিপিডিয়া এখন মুক্ত বিশ্বকোষ। সাধাৰণতে ৱিকিপিডিয়া ব্যৱহাৰ কৰা পাঠকসকলৰ নিচিনা সাধাৰণ মানুহেই পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতা কৰি ৱিকিপিডিয়া লিখি উলিয়াইছে। এনেকৈ লিখাকে সহযোগিতামূলক সংকলন (Collaborative editing) বোলে। ৱিকিপিডিয়াৰ ৱেবছাইটটোত এনে কৰাৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে, যাতে পৃথিৱীৰ যিকোনো স্থানৰে পৰা কৰিব পৰা সহস্ৰাধিক সম্পাদনাকাৰ্যও সকলোৱে একেলগে কৰি থাকিব পাৰে। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। “ৱিকিমিডিয়া ফাউণ্ডেশ্যনে” ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

“ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।”

এমেৰিকামূলীয় বহুদেশীয় প্ৰখ্যাত পুৰুষ আলোচনী জে’ন্তলমেনছ কুৱাৰ্তাৰ্লি (GQ)য়েও ৩৬ বছৰীয়া ৰীমাক ২০১৮ বৰ্ষত ভাৰতীয় যুৱপ্ৰজন্মৰ আটাইতকৈ প্ৰভাৱশালী ৫০ গৰাকীৰ মাজত স্থান দিছিল।