NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকিল আন এগৰাকী অসম কন্যা, মালদ্বীপত উজ্বলিল অসমীয়া গামোচা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2023 8:07 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকিল আন এগৰাকী অসম কন্যা, মালদ্বীপত উজ্বলিল অসমীয়া গামোচা

মালদ্বীপত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত জিলিকি উঠিছে অসম কন্যা অস্মিতা চলিহা।

দক্ষতা আৰু দৃঢ়তাৰে প্ৰদৰ্শন কৰি অস্মিতা চলিহাই মালদ্বীপ ইণ্টাৰনেশ্যনেল চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাত মহিলা একক খিতাপ দখল কৰিছে।

মহিলাৰ একক শাখাত চলিহাই তাছনিম মিৰক ১৯-২১, ২১-১৭ আৰু ২১-১১ পইন্টত পৰাস্ত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত অস্মিতাৰ এই কৃতিত্ব স্বীকাৰ কৰি অভিনন্দন বাৰ্তা প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, ‘মালদ্বীপ আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাত মহিলা একক খিতাপ দখল কৰাৰ বাবে অস্মিতা চলিহালৈ আন্তৰিক অভিনন্দন। তোমাৰ এই কৃতিত্বই অসম আৰু ভাৰতক গৌৰৱান্বিত কৰিছে! তোমাৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছো।”

উল্লেখ্য যে মালদ্বীপৰ মেল’ স্প’ৰ্টছ কমপ্লেক্সত ৫ জুনৰ পৰা ১০ জুনলৈ অনুষ্ঠিত হৈছিল মালদ্বীপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনত পাঁচটা ইভেণ্ট অনুষ্ঠিত হৈছিল: পুৰুষৰ একক, মহিলাৰ একক, পুৰুষৰ ডাবলছ, মহিলাৰ ডাবলছ, আৰু মিক্সড ডাবলছ।