NORTHEAST NOW (Assamese)
অসম

খাটি খোৱা লোকৰ কথা চিন্তা নকৰি মুখ্য মন্ত্ৰীৰ সভাৰ বাবে মূল পথতে নিৰ্মাণ কৰিলে মঞ্চ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস November 16, 2020 6:42 pm

কেইবাটাও কাৰ্যসূচী লৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে বৰপেটা জিলাৰ হাউলীত উপস্থিত হ’ব।

মুখ্য মন্ত্ৰী গৰাকীয়ে আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নৱনিৰ্মিত ছহিদ বেদীৰো শুভ উদ্বোধন কৰিব।

একেদৰে পুনৰ নিৰ্মিত চণ্ডী বৰুৱা স্মৃতি ভৱনটোও উদ্বোধন কৰিব মুখ্য মন্ত্ৰী গৰাকীয়ে।

মুখ্য মন্ত্ৰী সোণোৱাল উপস্থিত থাকিবলগীয়া উদ্বোধনী কাৰ্যসূচীৰ বাবে হাউলীৰ মুখ্য পথত নিৰ্মাণ কৰি থকা হৈছে মঞ্চ।

কিন্তু বিগত পাঁচ দিন ধৰি মুখ্য পথটো বন্ধ কৰি মঞ্চ নিৰ্মাণ কৰি থকা কাৰ্যক লৈ এতিয়া সাধাৰণ ৰাইজৰ মাজত অসন্তুষ্টি তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হাউলী চহৰৰ মুখ্য পথটো বন্ধ কৰি ৰখাৰ ফলত পথৰ কাষত থকা দোকানীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। একেদৰে সাধাৰণ ৰাইজৰো আলাই আথানি নোহোৱা হৈছে অতিকে ব্যস্ত এই পথটো বন্ধ কৰি ৰখাৰ ফলত ৷

সাধাৰণ ৰাইজ আৰু দোকানীক পনবন্দী কৰি পাঁচদিনে মুখ্য পথ এটা বন্ধ কৰি ৰখাটো কিমান সমীচিন হৈছে তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে ৷