NORTHEAST NOW (Assamese)

ৰাছিয়াত দেশৰ হৈ ব্ৰঞ্জৰ পদক জয়েৰে উজলিল অসমৰ লাভলিনা, যমুনা

October 12, 2019 8:29 pm · এন ই নাও নিউজ
যমুনা বড়ো আৰু লাভলিনা বৰগোহাঁই

ৰাছিয়াত চলি থকা এ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শনিবাৰে ব্ৰঞ্জৰ পদক জয়েৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ দুই তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই আৰু যমুনা বড়োৱে।

অবশ্যে প্ৰতিযোগিতাখনৰ ৬৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলিনাই ছেমিফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বী য়াং লুইৰ হাতত ২:৩ ব্যৱধানত পৰাস্ত হয়।

২০১৮ বৰ্ষতো প্ৰতিযোগিতাখনত ভাগলৈ লাভলিনাই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

আনহাতে, প্ৰতিযোগিতাখনৰ ৫৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আন এগৰাকী অসমৰ বক্সাৰ যমুনা বড়োই ছেমিফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বী হুৱাং-ৱেনৰ হাতত ৫:০ ব্যৱধানত পৰাস্ত হয়।

ছেমিফাইনেলত পৰাস্ত হলেও প্ৰথম বাৰৰ বাবে ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা যমুনাই দেশৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত যমুনাই সফলতা লাভৰ বাবে ইয়াতকৈ আৰু অধিক কষ্ট আৰু পৰিশ্ৰম কৰিব লাগিব বুলি মত ব্যক্ত কৰি দেশৰ বাবে পদক জয়ৰ কৰিবলৈ পাই সুখী বুলি কয়।

ইয়াৰ পূৰ্বে ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমেও প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকেৰে অভিযান সামৰণি মাৰে।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা বক্সাৰ সকলৰ দৰ্শনীয় প্ৰদৰ্শনৰ বাবে টুইটাৰ যোগে শুভেচ্ছা জ্ঞাপন কৰে।

Related News