NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2025 12:59 pm

অসমৰ কাছাৰ জিলাৰ আনাৰসে বিশ্বৰ বজাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষীপুৰৰ কুইন জাতৰ ৰসাল আনাৰস সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা হয়।

লক্ষীপুৰ বিধানসভা সমষ্টিৰ মাৰ্কুলিন-ফুলেৰতলত হাজাৰ হাজাৰ হেক্টৰ মাটিত কৰা  আনাৰস অসমৰ বিভিন্ন জিলাৰ লগতে মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আনকি দিল্লীলৈও ৰপ্তানি কৰা হয়। মাৰ্কুলিন আৰু ফুলেৰতলৰ মাৰ সম্প্ৰদায়ৰ জনজাতীয় লোকসকলে প্ৰতি বছৰে এই লক্ষীপুৰৰ পৰা ১ হাজাৰ মেট্ৰিকটন আনাৰস উৎপাদন কৰি ৰপ্তানি কৰে।

ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছচিয়েল মিডিয়াযোগে জনাইছে, অসম দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক আনাৰস উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। লক্ষীপুৰৰ বাসিন্দা মানথান মাৰক জৈৱিক পদ্ধতিত সৰ্বোচ্চ আনাৰস উৎপাদনকাৰী হিচাপে অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। তেওঁ এক সাক্ষাৎকাৰত কয় যে তেওঁ মাৰ এগ্ৰ অৰ্গেনিক প্ৰডাক্টৰ কোম্পানীৰ বৰ্ড অব‌ ডিৰেক্টৰ। যিটো ২০১৭ চনত মুকলি কৰা হৈছিল। কিন্তু যোৱা ৩০ বছৰ ধৰি তেওঁ আনাৰসৰ খেতি কৰি আহিছে। এই সংস্থাটোৰ জৰিয়তে জৈৱিক পদ্ধতিৰে আনাৰসৰ খেতি সম্ভৱ হৈছে। আৰু ১৫০০ আনাৰস খেতিয়ক এই সংস্থাৰ সৈতে জড়িত হৈ আছে।

সংস্থাটোৱে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক আনাৰস খেতিয়কৰ মূল সমস্যা-দুৰ্বল যাতায়ত ব্যৱস্থা,বজাৰৰ অভাৱ, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে প্ৰত্যক্ষ সংযোগৰ অভাৱ, আৰু শীতলীকৰণ আৰু প্ৰক্ৰিয়াকৰণ ইউনিটৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিছে।