NORTHEAST NOW (Assamese)
অসম

অভিলেখ! প্ৰতি কিলোত এক লাখ টকা দৰত বিক্ৰী পাভজান গ’ল্ড টি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2022 9:54 am
Pabhojan Gold Tea

গোলাঘাট জিলাৰ এক বিৰল প্ৰকাৰৰ জৈৱিক চাহ পাভজান গ’ল্ড টি সোমবাৰে যোৰহাটত অনুষ্ঠিত এক বিশেষ নিলামত প্ৰতি কিলোগ্ৰামত ১ লাখ টকা দৰত বিক্ৰী কৰা হয়। চলিত বছৰত এই দৰেই চাহৰ বিশেষ নিলামত লাভ কৰা সৰ্বাধিক মূল্য।

যোৰহাট চাহ নিলাম কেন্দ্ৰৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি পাভজান অৰ্গেনিক টি ইষ্টেটে বিক্ৰী কৰা এই চাহবিধ অসমৰে এক চাহ ব্ৰেণ্ড ‘এছাহ টি’য়ে ক্ৰয় কৰিছে।

পাভজান অৰ্গেনিক টি ইষ্টেটে প্ৰস্তুত কৰা এই উজ্জ্বল হালধীয়া ৰঙৰ বিশেষ চাহবিধ চাহ বাগিচাৰ দ্বিতীয় ফ্লাশ টিপৰ পৰা তৈয়াৰ কৰা হৈছে। এছাহ চাহৰ মুখ্য কাৰ্যবাহী বিষয়া বিজিত শৰ্মাই কয় যে এই বিশেষ চাহবিধে তেওঁলোকক গ্ৰাহকসকলক অসমৰ অন্যতম উৎকৃষ্ট চাহ হিচাপে যোগান ধৰাত সহায় কৰিব।

তেওঁ লগতে কয় যে এই বিৰল চাহবিধে চাহপ্ৰিয় লোকসকলক এক অনবদ্য অভিজ্ঞতা প্ৰদান কৰিব। কোম্পানীটোৰ সমগ্ৰ বিশ্বতে বিয়পি থকা গ্ৰাহকসকলে এই চাহবিধৰ সোৱাদ আৰু মূল্য অনুভৱ কৰিব পাৰিব বুলিও বিজিত শৰ্মাই দাবী কৰিব।

“আমাৰ গ্ৰাহকসকলক অসমৰ অনন্য চাহৰ সোৱাদ যোগান ধৰাৰ বাবে আমাৰ দৃঢ় অভিযান অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত আমি আনন্দিত।”- তেওঁ লগতে কয়।

আনহাতে পাভজান অৰ্গেনিক টি ইষ্টেটৰ গৰাকী ৰাখী দত্ত শইকীয়াই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই বিৰল প্ৰজাতিৰ চাহবিধৰ মাত্ৰ এক কেজি উৎপাদন কৰিছিল আৰু ইতিহাস সৃষ্টি কৰা এই মূল্যত বিক্ৰী হোৱাত তেওঁলোক যথেষ্ট আনন্দিত।

চাহবিধৰ এই অভিলেখ সৃষ্টিকাৰী মূল্যই অসমৰ চাহ উদ্যোগক হেৰুওৱা খ্যাতি ঘূৰাই পোৱাত সহায় কৰিব বুলি তেওঁ দাবী কৰে।

এই বিৰল প্ৰকাৰৰ বিশেষ চাহবিধ ভাৰতীয় গ্ৰাহকৰ বাবে https://esahtea.in যোগে আৰু আন্তৰ্জাতিক ক্ৰেতা সকলৰ বাবে https://esahtea.com ত উপলব্ধ হ’ব।