NORTHEAST NOW (Assamese)
অসম

মাজনিশা পল্টন বজাৰত সুৰামত্ত অৱস্থাত শিল্পী জিতুল সোণোৱালৰ কাজিয়া : আৰক্ষীয়ে বুজাই-বৰাই থ’লেগৈ ঘৰত

Posted by: কল্পজ্যোতি শইকীয়া August 22, 2018 1:13 pm
Jitul Sonowal

আজি যোৱানিশা গুৱাহাটীৰ ৰল্টন বজাৰ অঞ্চলত সুৰামত্ত অৱস্থাত স্থানীয় কিছু সংখ্যক লোকৰ সৈতে কাজিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে জনপ্ৰিয় শিল্পী জিতুল সোণোৱালৰ বিৰুদ্ধে।

পল্টন বজাৰ আৰক্ষীয়ে জনোৱামতে গুৱাহাটীৰ পল্টন বজাৰৰ ৰাজপথত নিশা প্ৰায় ১১:৩০ বজাত শিল্পীজনে অত্যধিক সুৰাপান কৰি কিছু সংখ্যক লোকৰ সৈতে তৰ্কত লিপ্ত হৈছিল। স্থানীয় বহু সংখ্যক যুৱকৰ সৈতে প্ৰায় হতাহতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছিল শিল্পীজনে।

সেই সময়ত ওচৰতে আৰক্ষীও আছিল বাবে ঘটনাটো বেছি বেয়াৰ ফালে যাবলৈ নাপালে। পল্টন বজাৰ আৰক্ষীয়ে সুৰামত্ত শিল্পীজনক পিছত নিশাই জি এম চি এইচ্ছলৈ লৈ যায় আৰু স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা কৰাই পুনৰ ঘৰত থৈ আহে।

আনহাতে আৰক্ষীলৈও চোঁচা লোৱা তথা আৰক্ষীৰ চোলা টানি ফলা বুলি স্থানীয় একাংশ যুৱকে অভিযোগ আনিছে যদিও সেয়া মিছা বুলি নৰ্থ-ইষ্ট নাওক জনালে পল্টন বজাৰ আৰক্ষীয়ে।

পল্টন বজাৰ আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি শিল্পীগৰাকী বৰ্তমান হতাশাত ভুগি আছে আৰু অত্যধিক সুৰাপান কৰাৰ ফলত ৰাস্তাতে য’ত-ত’ত বহি পৰিছিল। “আৰক্ষীৰ য়ুনিফৰ্ম ফালি পেলোৱা বুলি উঠা অভিযোগ সঁচা নহয়।” এইদৰে কয় পল্টন বজাৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে এসময়ৰ জনপ্ৰিয় শিল্পী আৰু অসমীয়া সংগীত জগতৰ এটা যুগৰ ইতিহাস স্ৰষ্টা শিল্পীজন বৰ্তমান বিভিন্ন কাৰণত সংগীতৰ জগতখনত সিমান সক্ৰিয় নহয়। অথচ এসময়ত তেৱেঁ অসমীয়া সংগীতলৈ এটা নতুন ধাৰা আগ বঢ়াই আনিছিল, যিটোক পিছত জুবিন গাৰ্গে অধিক মাত্ৰা দিয়ে।