NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ ৪২ খন পৰ্যটনস্থলীৰ ভিতৰত  ইক’-টুৰিজম বিকাশৰ বাবে মনোনীত কৰিছে শিৱসাগৰক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 2:39 pm
ভাৰতৰ ৪২ খন পৰ্যটনস্থলীৰ ভিতৰত  ইক’-টুৰিজম বিকাশৰ বাবে মনোনীত কৰিছে শিৱসাগৰক

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে শিৱসাগৰক স্বদেশ দৰ্শন আঁচনিৰ অধীনত চেলেঞ্জ-বেছ ডেষ্টিনেশ্বন ডেভলপমেণ্ট (CBDD) উদ্যোগৰ অংশ হিচাপে মনোনীত কৰিছে।

এই উদ্যোগৰ অধীনত, শিৱসাগৰক ইক’-টুৰিজম আৰু অমৃত ধাৰোহৰ স্থান শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে, যাতে ঠাইখনৰ পৰ্যটন পৰিকাঠামো উন্নয়ন আৰু স্থায়ী বিকাশ সুনিশ্চিত কৰিব পাৰে।

CBDD উদ্যোগত ৪২ খন পৰ্যটন গন্তব্যক চাৰিটা মুখ্য শ্ৰেণীত বিভক্ত কৰা হৈছে— আধ্যাত্মিক পৰ্যটন (Spiritual Tourism), সংস্কৃতি আৰু ঐতিহ্য (Culture & Heritage), ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম (Vibrant Village Program), ইক’-টুৰিজম আৰু অমৃত ধৰোহৰ স্থান (Eco-Tourism & Amrit Dharohar Sites)।

এই ঠাইসমূহৰ উন্নয়নৰ সুবিধাৰ্থে, পৰ্যটন মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এলানি পৰামৰ্শাৱলী প্ৰদান কৰিছে, এই পৰামৰ্শাৱলীৰ মতে তেওঁলোকে পৰিকল্পনা আৰু প্ৰকল্প প্ৰস্তাৱ তৈয়াৰ কৰিব বুলি জানিবলৈ দিছে।

এই প্ৰস্তাৱসমূহ নিৰ্দিষ্ট মান আৰু নিৰ্দেশনা অনুসৰি মূল্যায়ন কৰাৰ পিছত অনুমোদন আৰু বিত্তীয় সাহাৰ্য দিয়া হ’ব। এই আঁচনিখনে মাত্ৰ পৰিকাঠামো উন্নয়ন নহয়, পৰ্যটকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবেও বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি সদৰী কৰিছে ।

উত্তৰ-পূৱ ভাৰতৰ কেইবাখনো পৰ্যটনস্থলী এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে কিবিথোঅৰুণাচল প্ৰদেশ, শিৱসাগৰ অসম, লাংথাবল কোনুগ মণিপুৰ, নাৰ্তিয়াং গাঁও আৰু মাউফ্লাং গাঁও মেঘালয়, ইমপুৰ গাঁও (নাগালেণ্ড),গনাথাং গাঁও আৰু কাবি –চিকিম আদি।