NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত : কমলাক্ষ দে পুৰুকায়স্থকে ধৰি তিনি বিধায়কৰ পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2023 12:01 pm

পুনৰ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত হানিলে তিনি বিধায়কে। এফালে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমশঃ শক্তিশালী হৈ গৈ থকাৰ বিপৰীতে অসম তথা উত্তৰপূৰ্বাঞ্চলত যেন নিচ্ছিন্ন হোৱাৰ দিশেৰে আগবাঢ়িছে কংগ্ৰেছ দল।

ভূপেন বৰাৰ ওপৰত অসন্তুষ্ট কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ। শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট ৩ নেতা।

শনিবাৰে প্ৰকাশ পোৱাৰ খবৰ অনুসৰি, তিনি কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ, খলিলউদ্দিন মজুমদাৰ আৰু মিজবাউল ইছলাম লস্কৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। ইতিমধ্যে তিনি বিধায়কে কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই তিনি বিধায়কে দল ত্যাগ কৰাটোৱে যে কংগ্ৰেছ দলৰ ওপৰত এক মোক্ষম আঘাত হানিছে সেয়া ধুৰূপ। এতিয়ালৈকে কংগ্ৰেছৰ জ্যেষ্ঠ বিষয়ববীয়াই এই সম্পৰ্কে মুখ খোলা নাই।

কংগ্ৰেছ এৰি এই তিনি বিধায়কে এতিয়া কোনটো দলত যোগদান কৰিব বা ৰাজনৈতিক কেৰিয়াৰ কেনেদৰে আগুৱাই নিব তাকে লৈ এতিয়া চৌদিশে চৰ্চা আৰম্ভ হৈছে।