NORTHEAST NOW (Assamese)
অসম

কান্নুৰ বিমানবন্দৰৰ চীফ অপাৰেশ্যন অ’ফিচাৰ পদত অসমৰ উৎপল বৰুৱা

Posted by: এন ই নাও নিউজ December 14, 2018 2:04 pm
k-1-750x375

কেৰালাৰ কান্নুৰ বিমানবন্দৰৰ চীফ অপাৰেশ্যন অ’ফিচাৰ (চি অ’অ’) হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ উৎপল বৰুৱাক। বৰুৱাই ১৯৯৩ চনত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণত এগৰাকী কমিউনিকেশ্যন ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিছিল।

উৎপল বৰুৱাই দেশৰ গুৱাহাটী, গোৱা, নতুন দিল্লী, হায়দৰাবাদৰ উপৰিও ফিলিপাইনছৰ চেবু বিমানবন্দৰতো সেৱা আগবঢ়াইছিল।

কান্নুৰ বিমানবন্দৰটো কেৰালা চৰকাৰে প্ৰবাসী কেৰেলিয়ানৰ সহযোগত ১,৮৯২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে। এই বিমানবন্দৰটোৱে সমগ্ৰ উত্তৰ কেৰালাকে ধৰি চুবুৰীয়া কুৰ্গ আৰু মাইশোৰকে ধৰি কৰ্ণাটকৰ বিভিন্ন স্থানকো উপকৃত কৰিব। তদুপৰি, ইয়ে ৰাজ্যখনৰ পৰ্যটন উদ্যোগক এটা নতুন মাত্ৰা প্ৰদান কৰিব।

গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰাৰ পাছত বৰুৱাই তামিলনাডুৰ পৰা ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰে। শিক্ষা সমাপ্ত হোৱাৰ পাছতে বৰুৱাই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ চাকৰিত যোগ দিয়ে।