NORTHEAST NOW (Assamese)

NSK-এই নথি ঠিক আছে বুলি কোৱাৰ পিছতো চূড়ান্ত NRC-ত নাম নাহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ

September 14, 2019 7:19 pm · শান্তনু শইকীয়া
Updated: September 14, 2019 7:48 pm

সেৱাকেন্দ্ৰই নথি ঠিক আছে বুলি কোৱা সত্ত্বেও আৰু কোনো ভেৰিফিকেইশ্যনৰ বাবে জাননী নিদিয়া সত্ত্বেও আজি প্ৰকাশিত এন আৰ চিৰ সম্পূৰ্ণ তালিকাৰ পৰা বাদ পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড৹ চন্দন কুমাৰ গোস্বামী, তেওঁৰ পত্নী, জীয়ৰী আৰু মাকৰ নাম।

সম্পূৰ্ণ তালিকাত ৰিজেক্টেড বুলি দেখুওৱা গোস্বামীৰ দেউতাক প্ৰফুল্ল চন্দ্ৰ গোস্বামী ১৯৬১ চনৰ পৰা ২০০০ চনলৈ ঢেকিয়াজুলি হাইস্কুলৰ শিক্ষক আছিল। ১৯৬১ চনৰ চীনৰ আগ্ৰাসনৰ সময়ত দেউতাকে স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল।

কিন্তু নিজৰ নাম বিচাৰিবলৈ  সহকাৰী অধ্যাপকজনে তেওঁৰ নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ নাম  ফলাফল পায়।

গোস্বামীৰ মতে, তেওঁ সকলো নথি-পত্ৰ ঠিকেই দাখিল কৰিছে আৰু এন এছ কেই (এন আৰ চি সেৱা কেন্দ্ৰ) তেওঁৰ নথি-পত্ৰ ঠিকেই আছে বুলি তেওঁক জানিবলৈও দিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড৹ চন্দন কুমাৰ গোস্বামী, তেওঁৰ পত্নী, জীয়ৰী আৰু মাকৰ নামৰ ষ্টেটাছ।

“কিন্তু সকলো ঠিকে থকাৰ পিছতো যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা অতিৰিক্ত সংযোজন তালিকাতো নাম নাই আৰু আজি প্ৰকাশিত সম্পূৰ্ণ তালিকাতো নাম নাই। ৰিজেক্টড দেখুৱাইছে”,  অধ্যাপক গোস্বামীয়ে কয়।

আনহাতে গোস্বামীয়ে ব্যৱহাৰ কৰা দেউতাকৰ সেই একেখন লিগেচি ব্যৱহাৰ কৰি তেওঁৰ ভনীয়েকৰ পৰিয়ালৰ এন আৰ চিত নাম অহা বুলি তেওঁ জানিব দিয়ে।

ইয়াৰ উপৰি তেওঁৰ আতাৰ নাম ব্যৱহাৰ কৰি খুৰাকৰ পৰিয়ালৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, নৰ্থ-ইষ্ট নাওক জনালে অধ্যাপক গোস্বামীয়ে।

“মোক কোনো ধৰণৰ শুনানি অথবা ভেৰিফিকেইশ্যনলৈ মতা নাছিল। এন আৰ চি অফিচলৈ অনুসন্ধানৰ বাবে গ’লে সকলে ঠিকেই আছে বুলি কয়”, গোস্বামীৰ ভাষ্য।

যোৱা ৩১ আগষ্টত চূড়ান্ত এন আৰ চিৰ পৰিপূৰক তালিকা প্ৰকাশ হোৱাৰ পিছত আজি এন আৰ চিৰ সম্পূৰ্ণ তালিকা অনলাইনযোগে প্ৰকাশ পাইছে।

Related News