NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2023 7:19 pm

বৃহস্পতিবাৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে গুৱাহাটীত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰে এগৰাকী সহকাৰী ৰাজ্যিক কৰ আয়ুক্তক।

অভিযোগকাৰীৰ পৰা উৎকোচৰ ধন গ্ৰহণ কৰি থাকোতে ধৃত গুৱাহাটীৰ কৰ ভৱনত থকা তেওঁৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিষয়া মিনাক্ষী কাকতি কলিতাক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: ভাৰত মহাসাগৰত ডুবা চীনৰ জাহাজত আছিল ৩৯ জন লোক; সহায়ৰ বাবে ভাৰতে পঠিয়ালে যুদ্ধবিমান

গ্ৰেপ্তাৰ কৰা বিষয়াগৰাকীয়ে অভিযোগকাৰীৰ পৰা জি এছ টিৰ অনলাইন কামকাজ পুনৰ সক্ৰিয় কৰাৰ বাবে ধন দাবী কৰিছিল।

এজন বিষয়াই কয়, ‘কিন্তু উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ কাষ চাপিছিল। সেই অনুসৰি গুৱাহাটীৰ কৰ ভৱনত ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ এটা দলে জাল পাতিছিল আৰু  অভিযোগকাৰীৰ পৰা ৪ হাজাৰ টকা উৎকোচৰ ধন গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে বিষয়াগৰাকী হাতে লোটে ধৰা পেলায়।’

এই সম্পৰ্কত প্ৰয়োজনীয় আইনী কাৰ্যব্যৱস্থা অনুসৰণ কৰি থকা আছে।

লগতে পঢ়ক: প্ৰেমৰ সংঘাত! বিয়াৰ ৰভাতলীতে নৱবিবাহিত দম্পতীৰ বিষপান; দৰাৰ মৃত্যু, কইনা আইচিইউত

আনহাতে, এক সুকীয়া অভিযানত কামৰূপ জিলাৰ নগৰবেৰাৰ পৰা উৎকোচ লোৱাৰ সময়তে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে লোটে ধৰা পেলায় এজন লাট মণ্ডলক। ধৃত লাট মণ্ডলগৰাকীৰ নাম মহেন্দ্ৰ নাথ।