NORTHEAST NOW (Assamese)
অসম

২৫ ডিচেম্বৰৰ পৰা বগীবিল দলঙেৰে চলিব গোলাঘাট-জোনাই বাছসেৱা

Posted by: ঋতুপল্লব শইকীয়া December 19, 2018 7:21 am
Lockdown: Will you be able to return by ASTC bus?

বিগত বৰ্ষত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ শুভাৰম্ভই যেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক শদিয়াহৈ চুবুৰীয়া অৰুণাচলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ চোৱাৰ সুযোগ দিলে ঠিক তেনেদৰে এইবাৰ বগীবিল দলঙেৰে ধেমাজি সংযোগ হোৱাত সকলো উৎকণ্ঠিত হৈ পৰিছে। ইয়াৰ অনুৰূপ ছবি গোলাঘটীয়া ৰাইজৰ মাজতো দেখিবলৈ পোৱা গৈছে।

এইক্ষেত্ৰত জনসাধাৰণক সুবিধা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসেৱা। অহা ২৫ ডিচেম্বৰত বিভিন্ন চহৰৰ লগতে গোলাঘাট নগৰৰ পৰা শুভাৰম্ভ হ’ব গোলাঘাট-জোনাই বাছসেৱা। উক্ত দিনা ৰাতিপুৱা ৭বজাত দেৰগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ মাজেৰে বগীবিল দলংহৈ প্ৰথমবাৰৰ বাবে জোনাইলৈ চলিব বাছসেৱা।

একেদৰে উক্ত দিনাৰ পৰা জোনাই-গোলাঘাট সংযোগী বাছসেৱাৰো শুভাৰম্ভণি হ’ব। অৰ্থাৎ প্ৰায় ৩৫০ কিলোমিটাৰৰ এই সুদীৰ্ঘ যাত্ৰাপথত চলাচলৰ বাবে ৰাজ্যিক পৰিবহন নিগমে জিলাখনলৈ দুখন বাছ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

মনকৰিবলগীয়া যে দলং মুকলিৰ বাবে মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন দল-সংগঠনে বগীবিল দলঙৰ নামকৰণকলৈ বিভিন্ন দাবী উত্থাপন কৰি আছে যদিও সাধাৰণ মানুহৰ বাবে অতদিনে দুৰ্গম ঠাই হিচাবে পৰিচিত ধেমাজিলৈ যোৱাৰ যি সুবৰ্ণ সুযোগ লাভ কৰিছে তাকেলৈ উৎফুল্লিত হৈ পৰিছে।