NORTHEAST NOW (Assamese)
অসম

পিৰামিডৰ দুগুণাকৃতিৰ বৃহৎ উল্কাপিণ্ডই আজি খুন্দিয়াই যাব পৃথিৱীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 11:21 am
WhatsApp Image 2020-09-06 at 11.15.15 AM

পুনৰ পৃথিৱীৰ পিনে গতি কৰি আহিছে এটি বৃহৎ আকৃতিৰ উল্কাপিণ্ড। কিন্তু এই উল্কাপিণ্ডৰ আকাৰক লৈ চমকিত হৈ উঠিছে বিশ্বৰ বিজ্ঞানী মহল।

নাছাৰ মহাকাশ বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে এই উল্কাপিণ্ড মিছৰৰ গিজাৰ গ্ৰেট পিৰামিডৰ আকৃতিৰ দুগুণ হ’ব।

নাছাই জানিবলৈ দিয়া মতে দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত পৃথিৱীৰ গাত খুন্দিয়াই যাব এই বৃহৎ আকাৰৰ উল্কাপিণ্ডই।

একাংশ বিজ্ঞানীয়ে আশংকা কৰা মতে এই বৃহৎ আকৃতিৰ উল্কাপিণ্ডৰ গতিপথৰ সামান্যতম তাৰতম্য ঘটিলেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে।

আজিৰ পৰা দহ বছৰ পূৰ্বে এই উল্কাপিণ্ড প্ৰথম নাছাৰ দৃষ্টিলৈ আহিছিল।

ইয়াৰ নাম ৪৬৫৮২১(২০১০ এফ আৰ)। ইয়াৰ উচ্চতা প্ৰায় ৮৮৬ফুটৰ ওচৰত।

আনহাতে, যিবোৰ উল্কাপিণ্ড বা ধুমকেতু পৃথিৱীৰ কক্ষপথৰ কাষেৰে পাৰ হৈ যায় সেইবোৰক মহাকাশ বিজ্ঞানীসকলে ‘নিয়াৰ আৰ্থ অৱজেক্ট’ হিচাপে চিহ্নিত কৰিছে। আজি আহিবলগীয়া উল্কাপিণ্ডটোও সেই একে শ্ৰেণীৰে বুলি কোৱা হৈছে।

বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে বৰ্তমান এই উল্কাপিণ্ড সূৰ্যৰ পৰা ১৯.৪৫কিলোমিটাৰ দূৰত্বত আছে।

ইপিনে, চেন্টাৰ ফৰ ‘নিয়াৰ আৰ্থ অৱজেক্ট’ ষ্টাডিজৰ বিজ্ঞানীসকলে এই উল্কাপিণ্ডই পৃথিৱীৰ গাত খুন্দিয়াই গ’লেও পৃথিৱীৰ সৈতে সংঘৰ্ষৰ কোনো সম্ভাৱনা নাই বুলি ব্যক্ত কৰিছে।