NORTHEAST NOW (Assamese)
অসম

আদালতৰ নিৰ্দেশ : ASTU ৰ অধীনতে থাকিব অসমৰ পাঁচখন কাৰিকৰী মহাবিদ্যালয়

Posted by: এন ই নাও নিউজ February 21, 2018 10:59 pm
ASTU

এটা উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ স্থিতিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱাৰ আদালতে অসমৰ পাঁচখন কাৰিকৰী মহাবিদ্যালয় (engineering college)ক আছাম ছায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিৰ অধীনৰ স্বীকৃত অনুষ্ঠান হিচাপে ৰখাৰ বিৰোধিতা কৰি দাখিল কৰা লেখ আৱেদনখন খাৰিজ কৰিছে। আদালতে ইয়াক ‘যোগ্যতাহীন’ বুলি ঘোষণা কৰিছে।

ইয়াৰ ফলত এই কাৰিকৰী মহাবিদ্যালয় (engineering college)কেইখন এতিয়া আছাম ছায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিৰ অধীনৰ স্বীকৃত অনুষ্ঠান হৈ থাকিব। ইয়াৰ ভিতৰত আছে- অসম ইঞ্জিনীয়াৰিং মহাবিদ্যালয়, গুৱাহাটী, যোৰহাট ইঞ্জিনীয়াৰিং মহাবিদ্যালয়, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনীয়াৰিং মহাবিদ্যালয়, যোৰহাট ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’লজি আৰু বৰাক ভেলি ইঞ্জিনীয়াৰিং মহাবিদ্যালয়।

লেখ আবেদনখন খাৰিজ কৰা নিৰ্দেশটোত আদালতে কয় যে আছাম ছায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটি বা চমুকৈ ASTU ৰ অধীনত স্বীকৃত হ’বৰ বাবে এখন কলেজৰ গভৰ্নিং ব’ডি থকাটো বাধ্যতামূলক নহয়।

উল্লেখযোগ্য যে এই কাৰিকৰী মহাবিদ্যালয়কেইখনক গুৱাহাটী আৰু ডিব্ৰুগড় মহাবিদ্যালয়ৰ অধীন অনুষ্ঠান হিচাপে ৰখা হৈছিল যদিও চৰকাৰে যোৱা বছৰ ASTU ৰ অধীনলৈ আনিছিল।

ইয়াৰ বিৰুদ্ধে অনুষ্ঠানকেইটাৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক প্ৰতিবাদ কৰাৰ লগতে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আদালতত এই আবেদন উত্থাপন কৰিছিল।

আনহাতে চলিত শিক্ষাবৰ্ষৰ প্ৰথম ষাণ্মাষিকৰ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ে পতা নাছিল। এতিয়া আদালতৰ এই নিৰ্দেশমতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ বহীবোৰ ASTU এ চমজি ল’ব লাগিব বুলি জানিব পৰা গৈছে। লগতে এই মহাবিদ্যালয়বিলাকে যাতে NBA ৰ উচ্চ মানসম্পন্ন অধিস্বীকৃতি (accreditation) লাভ কৰাৰ ব্যৱস্থা কৰা হয় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে।

জানিব পৰা মতে এনে ধৰণৰ অধিস্বীকৃতি (accreditation) থকা অসমৰ দুটা প্ৰতিষ্ঠান হ’ল গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট (GIMT)  আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মেচিউটিকেল ছায়েন্স (GIPS)। এই দুয়োটা প্ৰতিষ্ঠানেই ASTUৰ অধীনত স্বীকৃতিপ্ৰাপ্ত।