NORTHEAST NOW (Assamese)
অসম

গাজিয়াবাদৰ আকাশত ‘বিউটি এণ্ড বিষ্ট’ ৰাফেল যুদ্ধ বিমানে গঢ়িলে ‘বিজয় কুণ্ডলী’,চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 3:41 pm
a rafalejet-020918

৮৮ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱসত গাজিয়াবাদৰ আকাশত চিকাৰী চিলনীৰ দৰে উৰি থাকি চকুত চমক লগোৱা কাৰু-কাৰ্য প্ৰদৰ্শন কৰিলে ‘বিউটি এণ্ড বিষ্ট’  ৰাফেল যুদ্ধ বিমানে।

এখন হকী খেল পথাৰতকৈয়ো কম আয়তনৰ ঠাইত ৰাফেল যুদ্ধ বিমানে ৪ সংখ্যাটোৰ আকৃতিৰ পথেৰে উৰি থাকি যি ‘বিজয় কুণ্ডলী’ সৃষ্টি কৰিলে সেয়া দেখি সকলোৱে বিষ্ময়াভূত হৈ পৰে।

ভাৰতীয় বায়ুসেনাৰ পাইলটে দক্ষতাৰ পৰিচয় দি দেশলৈ নতুনকৈ অনা ৰাফেল যুদ্ধ বিমান ইমান সুন্দৰকৈ উৰুৱাই যে বায়ুসেনাৰ শীৰ্ষ বিষয়া সকলো হতবাক হৈ পৰে।

উল্লেখ্য ১০ ছেপ্তেম্বৰৰ দিনা  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আনুষ্ঠানিক ভাবে ভাৰতীয় বায়ুসেনা বাহিনীৰ হাতত অৰ্পন কৰে ‘বিউটি এণ্ড বিষ্ট’ হিচাবে পৰিচিত ৫ খন ৰাফেল যুদ্ধ বিমান।

চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ সময়তে হাৰিয়ানাৰ আম্বালাৰ বিমান ঘাটিত ৰখা ৫ খন ৰাফেল বিমানৰ ইণ্ডাকছন স্ক্ৰল  প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বায়ুসেনাৰ ১৭ স্কোৱাড্ৰনৰ কেপ্তেইন হৰকীৰট সিঙৰ হাতত অৰ্পন কৰিছিল।

উল্লেখ্য ‘বিউটি এণ্ড বিষ্ট’ হিচাবে জনাজাত ৰাফেল যুদ্ধ বিমান ভাৰতৰ বায়ুসেনা বাহিনীৰ পাইলটে ফ্ৰান্সৰ পৰা উৰুৱাই আনিছিল।

আজি বায়ুসেনা বাহিনীৰ দিৱসত পুনৰবাৰ চীনক সকিয়াই বায়ুসেনা প্ৰধান ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই কয় যে কোনো কাৰণতে দেশৰ সাৰ্বভৌমত্ব খৰ্ব হ’বলৈ দিয়া নহ’ব। প্ৰয়োজনত চীনৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰা হ’ব বুলিও ভাদুৰীয়াই কয়।