NORTHEAST NOW (Assamese)
অসম

নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী তুলি ছোনিয়া গান্ধীলৈ পত্ৰ দিলে ২৩গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 12:46 pm
Sonia-Gandhi-770x433

কংগ্ৰেছত নেতৃত্বৰ পৰিৱৰ্তন তথা সাংগঠনিক গাঁথনিৰ সালসলনি বিচাৰি দলৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ দলটোৰ কমেও ২৩গৰাকী জ্যেষ্ঠ নেতাই এক পত্ৰ প্ৰেৰণ কৰিছে।

বাতৰি অনুসৰি, পত্ৰ প্ৰেৰণ কৰা নেতাসকলৰ বিতৰত আছে হাৰিয়ানাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ভূপিন্দৰ সিং হুদা, পৃথ্বিৰাজ চৌহানৰ পৰা আৰম্ভ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবাল, শশী থাৰুৰৰ দৰে নেতা।

পত্ৰখনত তেওঁলোকে পূৰ্ণকালীন তথা কাৰ্যকৰী নেতৃত্বৰ দাবী উত্থাপন কৰিছে। তদুপৰি, নেতৃত্ব স্পষ্টি আৰু সক্ৰিয় হোৱাৰো আশা ব্যক্ত কৰিছে।

ইয়াৰ লগতে বাতৰি অনুসৰি জৰুৰীভাৱে আনুষ্ঠানিক নেতৃত্বৰ গাঁথনি তৈয়াৰ কৰা আৰু সন্মিলিতভাৱে দলটোক পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈ পত্ৰত কোৱা হৈছে যে দলৰ নেতৃত্বক লৈ চলি থকা দৃঢ় স্থিতিৰ অভাৱত দলীয় কৰ্মীসকলৰ মনোবল হ্ৰাস পাইছে তথা দলৰ ভেটি দুৰ্বল হৈ পৰিছে।

ইপিনে, এক টুইটৰ জৰিয়তে দলৰ প্ৰাক্তন মুখপাত্ৰ সঞ্জয় ঝাই দাবী কৰিছে যে দলৰ কামকাজক লৈ হতাশা প্ৰকাশ কৰি কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীক সাংসদকে ধৰি প্ৰায় এশ কংগ্ৰেছ নেতাই পত্ৰ লিখিছে।

তেওঁলোকে ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিত স্বচ্ছ নিৰ্বাচনৰ দাবী কৰিছে।

অৱশ্যে এই বিষয়ত কংগ্ৰেছ নেতুত্বৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।