NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2023 8:14 am

ৰাছিয়াই আকৌ এবাৰ ইউক্ৰেইনৰ ওপৰত ব্যাপক মিছাইল আক্ৰমণ চলাইছে। ইউক্ৰেইনে দাবী কৰিছে যে এই আক্ৰমণৰ ঘটনাত কমেও ১১ জন নিহত আৰু আন ১১ জন লোক আহত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীয়ে ইউক্ৰেইনক টেংক দিব বুলি ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণবোৰ চলোৱা বুলি কোৱা হৈছে।

ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে কয় যে ৰাছিয়াই এদিনতে কিয়েভ আৰু বাখমুটকে ধৰি চহৰসমূহত মুঠ ৫৫ টা মিছাইল নিক্ষেপ কৰিছে। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে ইয়াৰে ৪৭ টা মিছাইল ধ্বংস কৰিছে। ওডেছাত বিদ্যুৎ আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ চলোৱা হৈছে।

ইউক্ৰেইনৰ জৰুৰীকালীন বিভাগে জনায় যে আক্ৰমণত আৰু ১১ জন লোক আহত হৈছে। ৰাজধানী কিয়েভত মিছাইলৰ টুকুৰাৰ খুন্দাত এজন ৫৫ বছৰীয়া ব্যক্তি নিহত হয়। মিছাইলটো দেশৰ আকাশ প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা ধ্বংস কৰা হয়।

ইপিনে, ইউক্ৰেইনৰ সেনাসকলে দাবী কৰে যে বৃহস্পতিবাৰে নিশা ৰাছিয়াৰ সেনাই আৰম্ভ কৰা ড্ৰোন আক্ৰমণৰ সময়ত ২৪ টা ড্ৰোন গুলীয়াই ভূপতিত কৰা হৈছে। ইয়াৰ ভিতৰত, কিয়েভ আৰু ইয়াৰ চাৰিওফালৰ এলেকাত ১৫ টা ড্ৰোন ভূপতিত কৰা হৈছে। অৱশ্যে এই আক্ৰমণবোৰত বিশেষ ক্ষতি হোৱা নাই।