NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মৃতকৰ শেষকৃত্য অনুষ্ঠানত গুলীচালনা, ৯ শিশুসহ অতি কমেও ১৩ লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2023 4:55 pm
মৃতকৰ শেষকৃত্য অনুষ্ঠানত গুলীচালনা, ৯ শিশুসহ অতি কমেও ১৩ লোকৰ মৃত্যু

আফ্ৰিকা মহাদেশৰ পৰা আহিছে এক নৃশংস ঘটনাৰ বাতৰি। এটি শিশুৰ শেষকৃত্য অনুষ্ঠানত সংঘটিত গুলীচালনাত ৯ শিশুসহ অতি কমেও ১৩ গৰাকী লোকৰ মৃত্যু হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে নিশা পূৱ ডেম’ক্ৰেটিক ৰিবাপ্লিক অৱ কংগোৰ এজন সেনাই নিজৰ সন্তানৰ শেষকৃত্য অনুষ্ঠানত সমবেত লোকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে। সেনা জোৱানজনৰ গুলীচালনাত শেষকৃত্য অনুষ্ঠানত উপস্থিত থকা ৯ টি শিশুৰ লগতে অতি ১৩ লোকৰ মৃত্যু হয়।

দেওবাৰে সেনা আৰু স্থানীয় এজন বিষয়াই জনোৱা মতে, কংগোৰ পূব ইটুৰি প্ৰদেশৰ এলবাৰ্ট হ্ৰদৰ পাৰৰ নিয়াকোভা গাঁৱত সংঘটিত হয় এই গুলীচালনা।

ইটুৰি সেনাৰ মুখপাত্ৰ জুলছ এনগংগোৱে সংবাদ মাধ্যমৰ আগত কয় যে,  “জোৱানজনে তেওঁ সন্তানক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা সকলোৰে ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত এক ডজন লোকৰ মৃত্যু হয়।”

ইফালে এই গুলীচালনা কৰাৰ পাছতে কংগোৰ নৌসেনাৰ জোৱানজনে পলায়ন কৰিছে। ইতিমধ্যে অভিযুক্ত সেনা জোৱানজনক বিচাৰি অভিযান চলোৱা হৈছে বুলিও প্ৰকাশ কৰিছে সেনা সূত্ৰই।।

ইপিনে গাঁৱৰ মুৰব্বী অস্কাৰ বাৰাকা মুগুৱে কয় যে ৯টা শিশুকে ধৰি ১৩জন লোকৰ মৃত্যু হৈছে।

কি কাৰণত সেনা জোৱানজনে হঠাতে গুলীচালনা আৰম্ভ কৰিলে সেয়া স্পষ্ট এতিয়াও জানিব পৰা নাই। গাঁও প্ৰধান মুগুৱাৰ মতে, জোৱানজনে যথেষ্ট চিন্তিত আছিল তেওঁৰ অনুপস্থিতি তেওঁৰ মৃত সন্তানক সমাধিস্থ কৰা হ’ব।