NORTHEAST NOW (Assamese)
অসম

ছিকিমৰ বিধ্বংসী বানত ১৪ জনৰ মৃত্যু, ১০২ জন সন্ধানহীন; আবদ্ধ হৈ পৰিছে ৩ হাজাৰ পৰ্যটক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 5, 2023 8:00 am

হঠাতে হোৱা আৱতৰীয়া বানত বিধ্বস্ত হৈ পৰিছে ছিকিম। ছিকিমৰ এই বিধ্বংসী বানত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। কমেও ১০২ জন লোক সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত আছে ২২ জন সেনা জোৱানো। তীস্তা নদীত অহা আৱতৰীয়া বানৰ বাবে পানীত বুৰ গৈছে দাৰ্জিলিঙৰ পথসমূহো

বানত বহু লোক আবদ্ধ হৈ আছে ছিকিমত। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, ছিকিমত আবদ্ধ হৈ আছে প্ৰায় ৩ হাজাৰ পৰ্যটক।

বুধবাৰে পুৱা ছিকিমৰ গ্লেচিয়াৰ লেক লোহনাক হ্ৰদত ডাৱৰ বিস্ফোৰণ ঘটে। যাৰ কাৰণে তীস্তা নদীত আৱতৰীয়া বানৰ আবিৰ্ভাৱ হয়। ছিকিমৰ চুংথাঙত এটা নদীবান্ধ সম্পূৰ্ণৰূপে ভাঙি পৰিছে। অঞ্চলটো প্ৰায় নিঃশেষ হৈ গৈছে। ইতিমধ্যে এই ঘটনাক দুৰ্যোগ ঘোষণা কৰিছে ছিকিম চৰকাৰে।

তিস্তা নদীৰ আৱতৰীয়া বানে আৰু সেনাৰ শিবিৰো উটুৱাই নিয়ে। ইয়াৰ বাবে কেইবাজনো সেনা জোৱান সন্ধানহীন হৈ আছে। ছিকিম চৰকাৰী সূত্ৰৰ মতে, এই বিধ্বংসী বানৰ বাবে ছিকিমৰ ১৪খন দলং সম্পূৰ্ণৰূপে ভাঙি গৈছে।

সেনা জোৱানৰ উপৰিও জোৱানসকলৰ বহু অস্ত্ৰ শস্ত্ৰও নিখোজ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, সেনা জোৱানৰ ১৭টা ইনছাছ আৰু ৩১টা মেচিনগানৰ সন্ধান পোৱা হোৱা নাই। কেইবাখনো সেনাবাহিনীৰ গাড়ীও এই বিধ্বংসী বানে উটুৱাই লৈ গৈছে।

তীস্তাৰ আৱতৰীয়া বানত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ ভাঙি পৰিছে। ইতিমধ্যে তীস্তাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বুধবাৰে পুৱা ২৩ জন জোৱান নিৰুদ্দেশ হৈছিল যদিও পিছত এজন জোৱান উদ্ধাৰ হয়। জোৱানজন আহত হৈছে যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙক ফোন কৰি ছিকিমৰ পৰিস্থিতি সন্দৰ্ভত সকলো সহায়ৰ আশ্বাস দিছে।