NORTHEAST NOW (Assamese)

পুনৰ অশান্ত চুডান! সেনাৰ বিমান আক্ৰমণত নিহত ২২ জন, আহত বহু লোক

July 9, 2023 12:07 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ উত্তপ্ত হৈ পৰিছে চুডান। এইবাৰ চুডানৰ ৰাজধানী খাৰ্টুমৰ সংলগ্ন চহৰ ওমদুৰমানত সেনাৰ বিমান আক্ৰমণত কমেও ২২ জন লোক নিহত হয়। খাৰ্টুমৰ স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে এই খবৰ সদৰী কৰে।  তেওঁলোকে লগতে জনায় যে হিচাপ হোৱা নাই যদিও আহতৰ সংখ্যা বহুত হ’ব।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিমান আক্ৰমণত নিহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে।

আনহাতে, দেশৰ অৰ্ধসামৰিক বাহিনী ৰেপিড ছাপৰ্ট ফৰ্চে এক বিবৃতিত কয় যে এই আক্ৰমণত মৃত্যুৰ সংখ্যা ৩১ জন। আক্ৰমণটোত বহু ঘৰ ধ্বংস হৈছে।

চলিত বৰ্ষৰ ১৫ এপ্ৰিলৰ পৰা আব্দেল ফাত্তাহ আল বুৰহানৰ নেতৃত্বত দেশৰ সেনাবাহিনী আৰু প্ৰাক্তন ডেপুটি মহম্মদ হামদান ডাগলোৰ নেতৃত্বত অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত সংঘাত আৰম্ভ হয়।

যোৱা ১৬ জুনত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি কনফ্লিক্ট লকেচন এণ্ড ইভেণ্ট ডাটা প্ৰজেক্টৰ শেহতীয়া পৰিসংখ্যা অনুসৰি চুডান সংঘাতত মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জুনলৈকে ২০০০ অতিক্ৰম কৰিছে।

আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ তথ্য অনুসৰি চুডানত সংঘটিত হোৱা সংঘাতৰ বাবে এতিয়ালৈকে দেশখনৰ ২২ লাখ বাসিন্দাই দেশ এৰি পলায়ন কৰিছে। ইয়াৰে ৫ লাখ ২৮ হাজাৰ বাসিন্দাই চুবুৰীয়া দেশত গৈ আশ্ৰয় লৈছে।

Related News