NORTHEAST NOW (Assamese)

বাৰ্বিকিউ ৰেস্তোঁৰাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ নিহত ৩১ জনকৈ লোক

June 22, 2023 1:25 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি উত্তৰ-পশ্চিম চীনৰ এখন বাৰ্বিকিউ ৰেস্তোঁৰাত ৰন্ধন গেছ বিস্ফোৰণৰ ফলত ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৭ জন লোক আহত হয়।

চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশা প্ৰায় ৮:৪০ বজাত য়িনচুয়ানৰ জিংকিং জিলাৰ এটা ব্যস্ত পথৰ দাঁতিত থকা এখন বাৰ্বিকিউ ৰেস্তোঁৰাত চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। 

চীনৰ কমিউনিষ্ট পাৰ্টিৰ নিংছিয়া হুই স্বায়ত্তশাসিত আঞ্চলিক সমিতিয়ে জনোৱা মতে, বিস্ফোৰণৰ ফলত ৩১ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত থকা এজনকে ধৰি ৭ জন ব্যক্তিয়ে বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা চীনৰ ড্ৰেগন ব’ট উৎসৱৰ দুদিনীয়া বন্ধৰ প্ৰাকক্ষণত সংঘটিত হয় এই বিস্ফোৰণ। ছুটীৰ দিনত ৰেস্তোঁৰাখন গ্ৰাহকেৰে ভৰি পৰিছিল বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত চাৰিওফালৰ অট্টালিকাসমূহৰ বিস্তৰ ক্ষতিসাধন হয়।

Related News