NORTHEAST NOW (Assamese)
অসম

অগ্নিগৰ্ভ বাংলাদেশ! কোটা বিৰোধী আন্দোলনত কমেও ৩২ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু, নিশা ইন্টাৰনেট বন্ধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2024 8:53 am

বাংলাদেশত বিগত কেইবাদিনো ধৰি চলি আছিল কোটা বিৰোধী আন্দোলন। অৱশ্যে বৃহস্পতিবাৰে এই আন্দোলন তীব্ৰতৰ হৈ পৰে। ইয়াৰ আগতেও দুই এজন আন্দোলনকাৰী শিক্ষাৰ্থীৰ মৃত্যু চৰ্চালৈ আহিছিল। কিন্তু বৃহস্পতিবাৰে সমগ্ৰ দেশতে আৰক্ষী বাহিনীৰ গুলীচালনাত কেইবাজনো শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱালে।

বিভিন্ন সূত্ৰৰ মতে, বৃহস্পতিবাৰে কেৱল বাংলাদেশতে ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ সংখ্যাই ৩২ জন অতিক্ৰম কৰিছে। এজন এজনকৈ শিক্ষাৰ্থীৰ মৃতদেহ ঢাকা চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন চিকিৎসালয়ত আহি পৰিছে। চিকিৎসালয়ৰ চৌহদবোৰত কেবল আৰ্তনাদ আৰু ক্ৰন্দনৰ ৰোল। বিভিন্ন শিক্ষানুষ্ঠানৰ চৌহদ শিক্ষাৰ্থীৰ আৰ্তনাদে অস্থিৰ কৰি তুলিছে। তথাপি এই আন্দোলন অব্যাহত আছে।

লগতে পঢ়কঃ ভোট জলকীয়াৰ পৰা তৈয়াৰী চিপছ খাই চিকিৎসালয়ত ভৰ্তি কমেও ১৪ গৰাকী জাপানী ছাত্ৰ-ছাত্ৰী

ইফালে ঢাকা আৰক্ষী আৰু ৰেপিড একশ্যন বেটেলিয়নৰ নিৰ্দয় কাৰ্যকলাপৰ ইটোৰ পিছত সিটো ভিডিঅ’ দিনটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। ইয়াৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। কেৱল ঢাকাতে নহয়, চট্টগ্ৰাম, কুমিল্লা, ৰাজচাহীকে ধৰি বাংলাদেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ বিয়পি পৰিছে। ৰাজপথত প্ৰতিবাদকাৰীক দমন কৰিবলৈ গৈ ইটোৰ পিছত সিটোকৈ প্ৰাণ কাঢ়ি নিছে আৰক্ষীয়ে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ বাংলাদেশত বৃহস্পতিবাৰে ২৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। অসমৰ্থিত সূত্ৰই এই সংখ্যা বহু বেছি বুলি কয়। কিন্তু এ এফ পিৰ বাতৰি অনুসৰি বাংলাদেশত কোটা বিৰোধী আন্দোলনত বিগত এসপ্তাহত কমেও ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। উত্তেজিত আন্দোলনকাৰীয়েও বিভিন্ন স্থানত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে। বহু আৰক্ষী জোৱান আৰু ৰেপিড একশ্যন বেটেলিয়নৰ সদস্য আহত হয়। বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ গাড়ী জ্বলাই দিয়া হৈছে।

ফটোঃ সংগ্ৰহীত।

ইফালে ঢাকাৰ উত্তৰা, মিৰপুৰ অঞ্চলত বাংলাদেশৰ সেনাই সাজসজ্জিত বাহন নমাই অনাৰ কথা বিভিন্ন ভিডিঅ’ত দেখা গৈছে। কেণ্টনমেণ্টৰ পৰাই আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীক দমন কৰিবলৈ ৰাজধানীৰ বিভিন্ন প্ৰান্তত সামৰিক বাহন উপস্থিত হয়।

আনহাতে, আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীয়ে কালি বাংলাদেশ টিভিৰ ষ্টেচনত আক্ৰমণ কৰি সম্প্ৰচাৰ বন্ধ কৰি দিয়ে। মহানগৰীৰ বহু শিক্ষানুষ্ঠানৰ চৌহদত আৰক্ষীয়ে লাঠী চাৰ্জ কৰা দেখা গৈছে। ৰাজপথত কন্দুৱা গেছ প্ৰয়োগ, পইণ্ট ব্লেংক ৰেঞ্জত গুলী নিক্ষেপ কৰাও দেখা গৈছে।

ইপিনে, হাছিনা চৰকাৰে নিশা ঢাকাকে ধৰি বাংলাদেশৰ প্ৰায় সকলো ঠাইতে ইণ্টাৰনেট ব্লেকআউট জাৰি কৰে। ফলত যোগাযোগ বিছিন্ন হৈ পৰে। খবৰ অনুসৰি দেওবাৰে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ত কোটা বিৰোধী গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

কিন্তু এতিয়া বাংলাদেশী ছাত্ৰ-ছাত্ৰীৰ কোটা বিৰোধী আন্দোলন হাছিনা বিৰোধী আন্দোলনলৈ ৰূপান্তৰিত হৈছে। ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ বাবে হাছিনাৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী শিক্ষাৰ্থীসকলে।