NORTHEAST NOW (Assamese)
অসম

অসুস্থ আমেৰিকাত বন্দুকৰ খেল! জন্মদিনৰ অনুষ্ঠানত গুলীচালনা; নিহত ৪ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2023 10:54 am

আমেৰিকাৰ আলাবামা প্ৰদেশত জন্মদিনৰ পাৰ্টিত সংঘটিত এক নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত ৪ জন লোক নিহত হৈছে। এই ঘটনাত আহত হৈছে কমেও ২৮জন লোক।

যোৱা শনিবাৰে নিশা আলবামাৰ ডেডভিল চহৰৰ এটা নৃত্য ষ্টুডিঅ’ত এগৰাকী কিশোৰীৰ জন্মদিনৰ অনুষ্ঠান চলি থকা সময়ত এই গুলীচালনা সংঘটিত হয়।

আলাবামা আইন প্ৰয়োগকাৰী সংস্থাৰ মুখপাত্ৰ চাৰ্জেণ্ট জেৰেমি বাৰ্কেটে দেওবাৰে সাংবাদিকৰ আগত কয় যে এই ঘটনাত চাৰিজন লোকে দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱায়। বহুতো লোক আহত হয়।

লগতে পঢ়ক: কি দিন পৰিল! ছাত্ৰৰ সৈতে অনৈতিক যৌন আচৰণৰ অপৰাধত গ্ৰেপ্তাৰ ৬ গৰাকী শিক্ষয়িত্ৰী

এনেট এলেন নামৰ এগৰাকী মহিলাই জনোৱা মতে, গুলীচালনাত তেওঁৰ নাতি ফিল ডাউডেলৰ মৃত্যু হয়। ভনীয়েক এলেক্সিছৰ ১৬ সংখ্যক জন্মদিন উদযাপনত তাই ব্যস্ত আছিল। অনুষ্ঠানৰ এটা পৰ্যায়ত আৰম্ভ হয় গুলীচালনা। গুলীচালনাত আহত হয় ডাউডেলৰ মাতৃ।

স্থানীয় সংবাদ মাধ্যম আৰু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গুলীচালনাত আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আহতসকলৰ ভিতৰত আছে বহু কিশোৰ।

ঘটনাৰ ১২ ঘণ্টাৰো অধিক সময়ৰ পাছতো আইন প্ৰয়োগকাৰী সংস্থাই কোনে গুলীচালনা কৰিছে, কিয় গুলীচালনা কৰা হৈছে, সন্দেহজনক লোকজনক চিনাক্ত কৰা হৈছে নে নাই বা গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: আন্তৰ্জাতিক ক্ৰীড়াত ৫ টা স্বৰ্ণপদক অৰ্জন পুত্ৰৰ; গৰ্বিত পিতৃ অভিনেতা মাধৱনে ক’লে, ‘মই কৃতজ্ঞ’

আলাবামাৰ আইন প্ৰয়োগকাৰী সংস্থাই জনোৱা মতে, গুলীচালনাৰ যৌথ তদন্ত চলি আছে। এই তদন্তৰ সৈতে জড়িত আছে এফ বি আই, ষ্টেট ব্যুৰো অৱ ইনভেষ্টিগেচন আৰু ডেডভিল আৰক্ষী।