NORTHEAST NOW (Assamese)
অসম

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2022 8:50 am

At least 42 people found dead inside lorry আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ প্ৰদেশৰ চান এণ্টনিঅ’ চহৰৰ ওচৰত এখন ১৮ চকীয়া ট্ৰাকৰ ভিতৰৰ পৰা কমেও ৪২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কমেও আন ১৬ জনক বিভিন্ন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতিৰে বিবিচিয়ে এই বাতৰি প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ফটোবোৰত দেখা গৈছে যে বৃহৎ সংখ্যক জৰুৰীকালীন উদ্ধাৰকাৰী কৰ্মীয়ে এখন ডাঙৰ ট্ৰাকৰ চাৰিওফালে ভিৰ কৰিছে।

লগতে পঢ়ক: Russia-Ukraine war: ইউক্ৰেইনৰ ক্ৰেমেনচুকৰ বিপণন কেন্দ্ৰত ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত ১৬,আহত ৪০

কেএছএটি টিভি চেনেলৰ বাতৰি মতে গাড়ীখন চান এণ্টনিঅ’ৰ দক্ষিণ-পশ্চিম দিশত ৰেলপথৰ কাষত পোৱা গৈছে।

নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি ছান এণ্টনিঅ’ৰ আৰক্ষী কৰ্মীসকলে ঘটনাস্থলীৰ পৰা সন্ধানহীন বাহনখনৰ চালকৰ সন্ধান চলাইছে।

টেক্সাছৰ চান এণ্টনিঅ’ আমেৰিকা-মেক্সিকো সীমান্তৰ পৰা ২৫০ কিলোমিটাৰ দূৰত অৱস্থিত। ট্ৰাকৰ ভিতৰত পোৱা মৃতদেহবোৰ প্ৰব্ৰজনকাৰী লোকৰ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।