NORTHEAST NOW (Assamese)
অসম

অসম কৃষি বিশ্ববিদ্যালয়ত সংক্ৰমণ; দুটা ছাত্ৰী নিৱাসৰ ৪৪ গৰাকী আৱাসী কোভিড পজিটিভ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 11:47 am

অসম কৃষি বিশ্ববিদ্যালয়তো কোভিড-১৯ৰ সংক্ৰমণ ঘটিছে। বিশ্ববিদ্যালয়খনৰ দুটা ছাত্ৰী নিবাসৰ মুঠ ৪৪ গৰাকী ছাত্ৰীৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছে ।

যোৰহাট জিলা প্ৰশাসনে বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ ছাত্ৰী নিৱাস দুটা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে।

ইপিনে, যোৰহাটৰ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইনৰ ১২ গৰাকী শিক্ষাৰ্থীৰো কোভিড পজিটিভ ধৰা পৰিছে। আক্ৰান্ত শিক্ষাৰ্থীকেইজনক জেএমচিএইছত ভৰ্তি কৰা হৈছে।

লগতে পঢ়ক: Covid-19 Update: দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৮০ হাজাৰ; আৰম্ভ ভেকচিনৰ বুষ্টাৰ ড’জ

উল্লেখ্য যে দেওবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো নতুনকৈ ১৪জন শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছিল।

বিশ্ববিদ্যালয়খনত নতুনকৈ কোভিড পজিটিভ চিনাক্ত হোৱাৰ পাছতে কমেও সাতটা ছাত্ৰী নিৱাসক কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ চৌহদৰ এটা অংশকো কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হয়।