NORTHEAST NOW (Assamese)

তামিলনাডুত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল বাছ; ৫জন লোকৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত ৪৫ গৰাকী যাত্ৰী

May 1, 2024 11:47 am · এন ই নাও নিউজ, গুৱাহাটী

তামিলনাডুৰ এটা পাহাৰীয়া পথত ৫৬ জন যাত্ৰী লৈ গন্তব্যস্থানৰ দিশে গৈ আছিল এখন ব্যক্তিগত বাছ। কিন্তু গন্তব্য স্থান পোৱাৰ আগতেই বাছখন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত এতিয়ালৈকে কমেও পাঁচজন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হয় ৪৫ জন যাত্ৰী। মঙলবাৰে সন্ধিয়া তামিলনাডুৰ য়েৰকাউড অঞ্চলৰ সমীপত সংঘটিত হয় এই ঘটনা।

স্থানীয় আৰক্ষী সূত্ৰৰ মতে, মঙলবাৰে সন্ধিয়া ৫৬ জন যাত্ৰী লৈ চালেমৰ পৰা য়েৰকাউডলৈ গৈ আছিল বাছখন। এটা পাক লোৱাৰ সময়তে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন খাৱৈত বাগৰি পৰে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত এতিয়ালৈকে পাঁচ লোকৰ মৃত্যু হৈছে। আহত ৪৫জন যাত্ৰীক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে আৰক্ষীয়েও এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related News