NORTHEAST NOW (Assamese)
অসম

নাইজেৰিয়াত সশস্ত্ৰ উগ্ৰপন্থীৰ নিৰ্বিচাৰ আক্ৰমণত নিহত কমেও ৫০ জন; অপহৃত বহু শিশু-মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2026 12:12 pm

পুনৰ অশান্ত হৈ পৰিছে নাইজেৰিয়া। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি নাইজেৰিয়াত সশস্ত্ৰ উগ্ৰপন্থীৰ নিৰ্বিচাৰ আক্ৰমণত কমেও ৫০ জন লোক নিহত হৈছে। উত্তৰ-পশ্চিম নাইজেৰিয়াৰ জাম্ফৰা প্ৰদেশত বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰৰ পুৱালৈকে এই আক্ৰমণ অব্যাহত থাকে।

তদুপৰি উগ্ৰপন্থীয়ে বহু শিশু আৰু মহিলাক অপহৰণ কৰিছে। ঘৰ-বাৰী জ্বলাই দিয়া হৈছে। অৱশ্যে এই ঘটনাত কোন জড়িত সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

জাম্ফৰা প্ৰদেশৰ বুক্কুইউম দক্ষিণ মণ্ডলৰ আই জি পি হামিছা এ ফাৰুৱে জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা টুংগান দুট্চে গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীয়ে আক্ৰমণ আৰম্ভ কৰে। শুকুৰবাৰে পুৱা ৩:৩০ বজালৈকে অব্যাহত আছিল এই আক্ৰমণ।

উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গাঁওবাসীৰ ওপৰত গুলীচালনা কৰে। লগতে বহু ঘৰত জুই লগাই দিয়ে। ফাৰুকে দাবী কৰে যে দুস্কৃতিকাৰীসকলে কেৱল টুংগান দুতচে গাঁৱতে নহয়, জাম্ফৰা ৰাজ্যৰ কেইবাটাও স্থানতো আক্ৰমণ চলাইছিল।

যদিও এই পৰ্যন্ত ৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, পিছলৈ এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে। উগ্ৰপন্থীয়ে কিমানজনক অপহৰণ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় প্ৰশাসনে নিৰুদ্দিষ্টসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

টুংগন দুতচে গাঁৱৰ বাসিন্দা আব্দুল্লাহী ছানি (৪১) নামৰ এজন ব্যক্তিয়ে জনোৱা মতে, তেওঁৰ পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হৈছে। তেওঁ কয় যে কিছুদিন পূৰ্বে তেওঁলোকে প্ৰায় ১৫০ জন অস্ত্ৰধাৰী দুস্কৃতিকাৰীক মটৰবাইকেৰে গাঁওখনত ঘূৰি ফুৰা দেখিছিল। স্থানীয় প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। স্থানীয় ৰাইজৰ অভিযোগ যে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অপহৃতসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিবলৈ নাইজেৰিয়া চৰকাৰৰ ওপৰত বিভিন্ন পক্ষৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছে।

যোৱা নৱেম্বৰ মাহত নাইজেৰিয়াৰ ছেইণ্ট মেৰীছ কেথলিক স্কুলৰ পৰা ১২ৰ পৰা ১৭ বছৰ বয়সৰ ২১৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু ১২ জন শিক্ষকক দুস্কৃতিকাৰীয়ে অপহৰণ কৰিছিল। তাৰে ভিতৰত বহুতেই পলাই আহে। ইয়াৰে কিছুসংখ্যকক সেনাই উদ্ধাৰ কৰে যদিও এতিয়াও বহু ছাত্ৰ-ছাত্ৰী দুস্কৃতিকাৰীৰ কবলত আছে। এনে ঘটনাই পুনৰ এই আফ্ৰিকান দেশখনৰ সামগ্ৰিক নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।